লখিমপুৰ লালুকত পথ দূঘৰ্টনাত এজন নিহত

২২/০৭/২০২৪:আজি লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত ডুবিত এক দূঘৰ্টনা সংঘটিত হয়।লখিমপুৰ দিশৰ পৰা আহি থকা এখন অচিনাকী চাৰিচকীয়া বাহনে ১৫ নং ৰাষ্টীয় ঘাইপথেদি খোজকাঢ়ি আহি থকা এজন ব্যক্তিক খুণ্ডিয়াই পলায়ন কৰে বাহন খনে।জানিব পৰা অনুসৰি মৃত ব্যক্তিজনৰ ঘৰ ডুবিত।সন্ধিয়া প্ৰায় ৬ বাজি ৩০ মিনিটতত পথেৰে খোজকাঢ়ি গৈ আছিল স্বৰ্গীয় বংশী দত্তৰ পুত্ৰ ৰুপেশ্বৰ লিগীৰা ওৰফে বুবুল দত্ত।বয়স ৭১ বছৰ।দূৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিয়ালৰ লোকে লালুক মডেল হস্পিতাললৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।ঘটনাৰ খবৰ পাই লালুকৰ চি আই দিপাংকৰজ্যোতি বৰাই ঘটনাস্থলীত উপস্থিততহৈ মৃতদেহ লালুক থালালৈ লৈ যায়।ইতিমধ্যে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে লালুক আৰক্ষীয়ে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। টুনিজান বাহবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা ৰুপেশ্বৰ লিগীৰাৰ আকস্মৰ্মিক মৃত্যুত সমগ্ৰ অঞ্চলটোৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে।

#assam #dnews #lakhimpur accidentlaluk
Comments (0)
Add Comment