আজি‌ আন্তৰ্জাতিক নাৰী দিৱস।

আজি‌ আন্তৰ্জাতিক নাৰী দিৱস। মহিলাসকলৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন । সমগ্ৰ বিশ্বজুৰি আজি এই বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে । এই দিৱসৰ প্ৰাথমিক উদ্দেশ্য হৈছে নাৰীৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই তেওঁলোকক সমতা আৰু অধিকাৰৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহী কৰা। নাৰী দিৱসৰ লগত সংগতি ৰাখি উত্তৰ গুৱাহাটীৰ মধ্যখণ্ডতো অনুষ্ঠিত কৰা হৈছে আকৰ্ষণীয় অনুষ্ঠান। “সিন্ধিশা গ্ৰীণচ”ৰ উদ্যোগত অনুষ্ঠিত কৰা অসমীয়া পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰতিযোগিতাত অংশ ল’লে বিভিন্ন সুস্বাদু খাদ্যৰ সম্ভাৰ লৈ শতাধিক মহিলাই । কোমোৰাৰ সৈতে হাঁহ, কঠাল পাতৰ ভাপত সিজোৱ পিঠা, মধুৰিয়ামৰ চাটনি, ভাপত দিয়া ৰৌমাছ, বিলাহী আৰু মান ধনীয়াৰ মাছ, তিলেৰে ৰন্ধা মুৰ্গী আদি বিভিন্ন ব্যঞ্জনে ভৰি পৰিল প্ৰতিযোগিতাস্থলী । প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে অভিনেত্ৰী কল্পনা কলিতা, চেফ অঞ্জলি বড়া আৰু শৰীৰ চৰ্চাবিদ ভাস্কৰ তামুলী । উক্ত অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ তিনিগৰাকী বিশিষ্ট মহিলা লীলা দেৱী, পদুমী চমুৱা, ৰুণুমী বৰুৱাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।

assambest news portald newsDnewsInternationaltop news portalwomen's day
Comments (0)
Add Comment