যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা

শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ।

যুদ্ধ বিৰতিৰ খবৰ বিশ্বজুৰি বিয়পি পৰাৰ কিছু সময় পিছতেই চৰকাৰেও নিশ্চিত কৰে যুদ্ধ বিৰতিৰ কথা । এক সংবাদ মেল আয়োজন কৰি দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে যুদ্ধ বিৰতিৰ বতৰা নিশ্চিত কৰে । লগতে তেওঁ দুয়োখন দেশৰ স্থল, নৌ আৰু বায়ুসেনাই গুলীচালনা আৰু সকলোধৰণৰ সামৰিক ব্যৱস্থা সন্ধিয়া ৫বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিব বুলি উল্লেখ কৰে ।

ইফালে যুদ্ধ বিৰতি ঘোষণা হোৱাৰ মাত্ৰ তিনি-চাৰি ঘণ্টাৰ পিছতেই কাপুৰুষালি প্ৰদৰ্শন কৰে ভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানে । জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এক পোষ্টৰ জৰিয়তে সমগ্ৰ শ্ৰীনগৰত বিস্ফোৰণ আৰু গুলীত শব্দ শুনিবলৈ পোৱাৰ কথা উল্লেখ কৰে । লগে লগেই বিয়পি পৰে ভাৰত পাকিস্তান সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ বাতৰি । যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানে পোগৰাণত ড্ৰোণেৰেও আক্ৰমণৰ চেষ্টা চলায় । অৱশ্যে ভাৰতীয় সেনাই নিমিষতে ধ্বংস কৰে পাকিস্তানৰ ড্ৰোণ ।

পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰা সন্দৰ্ভত পুনৰ সংবাদ মাধ্যমৰ আগত দেশৰ স্থিতি অৱগত কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে । তেওঁ সংবাদ মেল আয়োজন কৰি পোনে পোনে পাকিস্তানক দোষাৰোপ কৰি পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছে বুলি মন্তব্য কৰে।

assamBest news portal in assambjpDnewsdnewsassamIndiaPAKISTANtop news portal in north east
Comments (0)
Add Comment