ব্লেক কফি কেৱল ৰুচিসম্পন্ন পানীয় নহয়, ইয়াত আছে শৰীৰ আৰু মনৰ উপকাৰিতা — ওজন হ্ৰাস, স্মৃতি শক্তি বৃদ্ধি, আৰু হৃদয় সুস্থতা। জানক ইয়াৰ পাৰ্শ্ব-প্ৰতিক্ৰিয়াবোৰো।
ব্লেক কফিৰ উপকাৰিতা:
ব্লেক কফি: আপোনাৰ শৰীৰ আৰু মনৰ বাবে উপকাৰী পানীয়
ব্লেক কফি পাউডাৰ আৰু পানীৰে তৈয়াৰ কৰা হয়। যদি আপুনি ব্লেক কফিৰ ৰসিক, তেন্তে আপুনি সুখী হ’ব — কাৰণ ব্লেক কফি আপোনাৰ শৰীৰ আৰু মনৰ বাবে বহুত উপকাৰী । আহকচোন, ব্লেক কফিৰ কিছু উপকাৰিতা চাওঁ:
ব্লেক কফিত থাকে:
– ০% ফেট
– ০% ক’লেষ্টেৰ’ল
– ০% ছ’ডিয়াম
– ০% চুগাৰ
– ৪% পটাছিয়াম
– ০% কাৰ্ব’হাইড্ৰেট
ব্লেক কফিৰ স্বাস্থ্য উপকাৰিতা:
1. ওজন হ্ৰাসৰ বাবে সহায়ক।
2. হৃদয় শক্তিশালী কৰে।
3. মৃদু ডিপ্ৰেছনত আৰাম দিয়ে।
4. মেম’ৰি বঢ়ায়।
5. যকৃতৰ বাবে ভাল।
6. আলজাইমাৰ ৰোগৰ আশংকা কমায়।
7. কেন্সাৰৰ আশংকা কমায়।
8. ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।
9. পেট চাফা ৰাখে।
10. এন্টিঅক্সিডেন্টে পৰিপূৰ্ণ।
অতিৰিক্ত খোৱাৰ কিছুমান পাৰ্শ্ব-প্ৰতিক্ৰিয়া:
1. অধিক কফিয়ে শৰীৰত ষ্ট্ৰেছ হৰমোন বঢ়াই ।
2. শুৱাৰ ৰুটিন বিঘ্নিত কৰে।
3. পেটত এচিড বৃদ্ধি কৰে।
4. আয়ৰণ, কেলচিয়াম, জিংক শোষণত বাধা দিয়ে।
5. পেটৰ লাইনিং ক্ষতি কৰে।
6. হৃদস্পন্দন বেছি হয়।
7. প্ৰস্ৰাৱ বেছি হয়।
8. অস্থি স্বাস্থ্যৰ ক্ষতি।
9. উদ্বেগ আৰু চিন্তা বৃদ্ধি।
10. ৰক্তচাপ বৃদ্ধি কৰে।
PEWS Group of Institutions Guwahati:https://www.youtube.com/watch?v=1eMUWNX7X1A
ব্লেক কফিক কেনেকৈ স্বাস্থ্যকৰ বনাব ?
= দৈনিক কেফেইনৰ মাত্রা ২০০–৪০০ মি.গ্ৰা. (২–৪ কাপ) সীমাবদ্ধ ৰাখক।
= খালি পেটত কফি সেৱন নকৰিব, আহাৰৰ পিছত খাব।
= আহাৰৰ ১ ঘণ্টা পাছত কফি খাব সেৱন কৰিব ।
= শুৱাৰ ৬ ঘণ্টাৰ আগতেই কফি সেৱন কৰক।
উপসংহাৰ:
ব্লেক কফি এটা উপকাৰী পানীয়, কিন্তু সজাগতা আৰু নিয়ম মানি সেৱন কৰিলে ইয়াৰ সুবিধা লাভ কৰিব পাৰি। সীমিত পৰিমাণে খোৱাৰ অভ্যাস কৰিলে ই আপোনাৰ স্বাস্থ্যৰ সহায়ক বন্ধু হৈ পৰিব।
আপোনাৰ স্বাস্থ্য সচেতনতাৰ বাবে এই তথ্য পোহৰলৈ আনক — শ্বেয়াৰ কৰক!