আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস: এক বিশ্বজনীন ক্ৰীড়া উদযাপন

প্ৰতি বছৰে ২৩ জুন তাৰিখে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। এই দিৱসটো বিশ্বজুৰি ক্ৰীড়াৰ প্ৰতি জনসাধাৰণৰ উৎসাহ বঢ়োৱা, অলিম্পিক আন্দোলনৰ ইতিহাসক স্মৰণ কৰা আৰু “ক্ৰীড়াৰ জৰিয়তে শান্তি আৰু একতা”ৰ বার্তা প্ৰসাৰত উৎসৰ্গিত।

১৯৪৮ চনৰ ২৩ জুন প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল। এই দিনটো বাছনি কৰা হয় কাৰণ ১৮৯৪ চনৰ এই দিনতেই পেৰিছত পিয়েৰ দে কুৱেৰ্তিনে আধুনিক অলিম্পিক খেলৰ আধাৰ স্থাপন কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত প্ৰায় ২০০ খন অলিম্পিক কমিটিয়ে বিভিন্ন ধৰণৰ দৌৰ, ক্ৰীড়া প্ৰতিযোগিতা, ফিটনেছ কাৰ্যসূচী আৰু সচেতনতা মূলক কাৰ্যক্রমৰ আয়োজন কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে সকলো বয়স আৰু পটভূমিৰ মানুহক ক্ৰীড়াৰ লগত জড়িত কৰা আৰু সুস্থ জীৱনধাৰাৰ প্ৰতি উদ্বুদ্ধ কৰা।

অসমতো এই দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় আৰু ক্ৰীড়া সংগঠনে দৌৰ প্ৰতিযোগিতা, যোগাভ্যাস আৰু বিভিন্ন ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰে। এই দিৱসখন যেন কেবল অলিম্পিক খেলৰ স্মৃতি নহয়, বরঞ্চ ক্ৰীড়াৰ জৰিয়তে একতা, আনন্দ আৰু স্বাস্থ্যৰ প্ৰতি অঙ্গীকাৰৰ প্ৰতীক।

assamBest news portal in assamDnewsdnewsassamINTERNATIONAL OLYMPIC DAYOlympictop news portal in north east
Comments (0)
Add Comment