দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি

বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি, সহানুভূতি আৰু কৰুণাৰ পথত আগবাঢ়িবলৈ আহ্বান জনায়।

ধাৰ্মিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে লাডাখ, ধৰ্মশালা, নেপাল, ভুটান আৰু অন্যান্য দেশত তেওঁৰ জন্মদিনটো মহা ধুমধামৰে পালন কৰা হয়। ভাৰতৰ ধৰ্মশালাৰ নামগ্যাল মনাষ্ট্ৰীত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হয়, য’ত দেশ-বিদেশৰ বহু তীর্থযাত্ৰী আৰু তেওঁৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, দালাই লামাই ১৯৮৯ চনত শান্তিৰ বাবে নোবেল বঁটা লাভ কৰিছিল। তেওঁৰ ৯০ বছৰীয়া জীৱনৰ এই বিশেষ ক্ষণত, সমগ্ৰ বিশ্বত শান্তিৰ বাণী পুনৰ একবাৰ শক্তিশালী ৰূপত প্ৰতিধ্বনিত হয়।

assamBest news portal in assamBirthdayDALAI LAMADnewsdnewsassamtop news portal in north east
Comments (0)
Add Comment