বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় গণতান্ত্ৰিক নেতাৰূপে পৰিগণিত হ’ল নৰেন্দ্ৰ মোদী

মাৰ্কিন সংস্থাৰ ডেমক্ৰেটিক লীডাৰ এপ্ৰভেল ৰেটিং সমীক্ষাত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা হিচাপে স্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।বহুকেইজন ৰাষ্ট্ৰ নেতাৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৭৫% ৰেটিং লাভ কৰি শীৰ্ষস্থান দখল কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ মৰ্ণিং কনছাল্ট নামৰ বিজনেছ ইন্টেলিজেন্স প্ৰতিষ্ঠানটোৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।সমীক্ষাটোত জনপ্ৰিয় নেতাৰূপে দ্বিতীয় স্থান দখল কৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মায়ুঙে অন্যহাতে, তৃতীয় স্থানত আছে আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলী।২০২৫ চনৰ জুলাইৰ ৪-১০ তাৰিখৰ ভিতৰত গ্ৰহণ কৰা তথ্যৰ ভিত্তিত শেহতীয়া ৰেটিং নিৰ্ণয় কৰা হৈছে।এই দিনকেইটাত নিৰ্দিষ্ট দেশসমূহৰ প্ৰাপ্তবয়স্ক লোকৰ গড় মতামত লোৱা হৈছিল।বিজেপিৰ আই টি চেলৰ নবীন অমিত মালব্যই ছ’চিয়েল মিডিয়াত আজি এই কথা শ্বেয়াৰ কৰি লগতে কয়- ‘এশ কোটিৰ অধিক ভাৰতীয়ৰ স্নেহধন্য আৰু বিশ্বৰ কোটি কোটি লোকৰ সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে মর্নিং কনছাল্ট গ্ল’বেল লীডাৰ এপ্ৰ’ভেল ট্ৰেকাৰত আকৌ এবাৰ সৰ্বাধিক জনপ্রিয় আৰু সর্বোচ্চ আস্থাৰ নেতা হিচাপে স্থান দখল কৰিছে। এয়া বিশ্ব সন্মান। নিৰাপদ হাতৰ মাজত আছে ভাৰত।’ প্ৰধানমন্ত্ৰীৰ এই স্বীকৃতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও আনন্দ প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত এটা প’ষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়। উল্লেখনীয় যে এই মনিং কনছাল্টৰ সমীক্ষাত এইবাৰ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ জনপ্ৰিয়তাৰ খহনীয়াও প্রকট হয়। ট্রাম্পৰ জনপ্রিয়তাৰ হাৰ হৈছে ৪৪ শতাংশ আৰু তেওঁ দখল কৰিছে অষ্টম স্থান। পূর্বে ট্রাম্প পঞ্চম স্থানত আছিল

assamBest news portal in assamDnewsdnewsassamNarendra Moditop news portal in north eastWORLD RANK
Comments (0)
Add Comment