আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি

সত্ৰপীঠ মাজুলীত ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধৰ্মালোচনী সভা সমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মোৎসৱ। উজনি মাজুলী শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মূদৈবিল বৰনামঘৰত আজিৰে পৰা অনুষ্ঠিত হৈছে গুৰুজনাৰ জন্মোৎসৱ। এই লৈ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। বৃহত্তৰ অসমীয়া সমাজৰ লগতে ভকতিদুৱাৰ অঞ্চলত সিচৰিত হৈ থকা মিচিং দেউৰী, বেংগলী মাৰোৱাৰী নেপালী সকলো লোক সকলো অসমীয়া সমাজৰ লগত  একতিত হৈ আয়োজন কৰিছে এই ঊৎসৱৰ। মহিলা সকলৰ দিহানাম প্ৰতিযোগিতাৰে আৰম্ভ হৈছে কাৰ্যসূচী।

সমান্তৰালকৈ সত্ৰ নগৰী বৰপেটাকে আদি কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰক চাৰিওজনা গুৰুৰ মিলনভূমি বৰপেটা জিলাৰ প্ৰায়বোৰ সত্ৰ নামঘৰতে আজি সত্ৰীয়া ৰীতি পৰম্পৰাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ পালন কৰা হৈছে । পুৱাৰ প্ৰসংগৰ লগতে কীৰ্তনঘৰত ঘোষা কীৰ্তন আদিও গোৱা হয় ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ ভকত বৈষ্ণৱ, বাপ বান্ধৱ, আই মাতৃ সকলে সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে। গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ পৰা বৰবজাৰলৈ ভকত বৈষ্ণৱৰ অংশগ্ৰহণেৰে এক ভাগৱত শোভাযাত্ৰা হয় ৷ বৰপেটা সত্ৰৰ লগতে বৰপেটাৰোড শাখা সত্ৰ, পাটবাউসী সত্ৰ, গজিয়া সত্ৰ, জনীয়া সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বাৰাদি সত্ৰ, গোমূৰা সত্ৰ, চেঙাৰ ভৰি ধুৱা ঘাটসত্ৰ আদিতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে ।

ইফালে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি কোচবিহাৰৰ মধুপুৰ সত্ৰত ২৫ আহিন (১২ অক্টোবৰ) দিনযোৰা বিস্তৃত কাৰ্য্যসূচীৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তী পালন কৰা হয়। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত জনোৱা মতে, ৰাতিপুৱা ৬ বজাত প্ৰভাতী গীতাঞ্জলিৰে জন্ম জয়ন্তীৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়। ৰাতিপুৱা ৯ বজাত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত আৰু ডা⁰ কেৱশচন্দ্ৰ দাসৰ নেতৃত্বত মধুপুৰ সত্ৰ চৌহদৰ পৰা এক বৰ্ণাঢ্য ভাগৱৎ শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত কোচবিহাৰ আৰু মধুপুৰ অঞ্চলৰ গুৰুজনাৰ আদৰ্শত বিশ্বাসী শতাধিক বংগ ভাষী ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰি উত্তৰবংগৰ আকাশ-বতাহ গুৰুজনাৰ সৃষ্টিৰ অমিয়া সুৰেৰে মুখৰিত কৰি তোলে।

Leave A Reply

Your email address will not be published.