
ৰাজ্যৰ চৰকাৰৰ বিদ্যালয়সমূহৰ সুৰক্ষাক লৈ এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত পহৰা নৈশ চকীদাৰ ৰখাৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শেহতীয়াকৈ সঘনাই সংঘটিত হৈ থকা ধাৰাবাহিক চুৰিকাণ্ডক লৈ উদ্বিগ্ন হৈ কঠোৰ শিক্ষা বিভাগ। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অসমৰ শিক্ষা সঞ্চালকে এক নতুন নিৰ্দেশনা জাৰি কৰিছে।
শিক্ষা বিভাগৰ এই নতুন নিৰ্দেশনা অনুসৰি, বিদ্যালয়সমূহত পূৰ্বৰে পৰা কৰ্তব্যৰত হৈ থকা চকীদাৰসকলক এতিয়াৰে পৰা নৈশ দায়িত্বত নিয়োজিত কৰা হ’ব। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অসাধু চক্ৰই বিদ্যালয়ৰ নথি-পত্ৰ, আচবাব আৰু মিড-ডে মিলৰ সামগ্ৰী পৰ্যন্ত লুটি লৈ যায়। ইয়াৰ ফলত চৰকাৰী সম্পত্তি নষ্ট হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাদানৰ ক্ষেত্ৰতো ব্যাঘাত জন্মে।
শিক্ষা সঞ্চালকালয়ে স্পষ্ট কৰি দিছে যে, বিদ্যালয়ৰ চৰকাৰী সম্পত্তি তথা কম্পিউটাৰ, ডিজিটেল ক্লাছৰুমৰ যন্ত্ৰাংশ আদি সুৰক্ষিত ৰখাটো অত্যন্ত জৰুৰী। সেয়েহে বিদ্যালয়সমূহৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰিবলৈ কৰ্তব্যৰত চকীদাৰসকলক নৈশ পহৰাৰ দায়িত্ব অৰ্পণ কৰিবলৈ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষ আৰু বিদ্যালয় পৰিচালনা সমিতিসমূহক নিৰ্দেশ প্ৰদান কৰা হৈছে।
শিক্ষা বিভাগৰ এই নতুন নিৰ্দেশনাক আদৰণি জনাইছে ৰাজ্যৰ শিক্ষক সমাজ তথা সচেতন মহলে। ইয়াৰ ফলত চৰকাৰী বিদ্যালয়সমূহৰ সম্পত্তি সুৰক্ষিত হ’ব বুলি আশা কৰা হৈছে।