বিশ্বাস, ইতিহাস আৰু জ্যোতিৰ্বিজ্ঞানৰ এক অনন্য মিলন নৱগ্ৰহ মন্দিৰ

মহানগৰৰ চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ কেৱল এক ধৰ্মীয় তীৰ্থস্থানেই নহয়, ই অসমৰ ঐতিহ্য, জ্যোতিষ আৰু আধ্যাত্মিক বিশ্বাসৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। প্ৰতিদিনে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তই ইয়ালৈ আহি নৱগ্ৰহৰ আশীৰ্বাদ বিচাৰে। এই মন্দিৰ কেৱল পূজাৰ স্থানেই নহয়, ভাৰতীয় জ্যোতিষশাস্ত্ৰ, সংস্কৃতি আৰু ইতিহাসৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন। গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ ওপৰত বিৰাজমান নৱগ্ৰহ মন্দিৰ।এই মন্দিৰ অসমৰেই নহয়, ভাৰতবৰ্ষৰো অন্যতম প্ৰাচীন জ্যোতিষ কেন্দ্ৰ।
‘নৱগ্ৰহ’ শব্দৰ অৰ্থ হৈছে নটা গ্ৰহ।নৱগ্ৰহৰ পূজা কৰা হয়। এই মন্দিৰৰ ভিতৰত সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতুৰ প্ৰতীক হিচাপে নটা শিৱলিংগ স্থাপিত। প্ৰতিটো শিৱলিংগ বেলেগ বেলেগ ৰঙৰ বস্ত্ৰৰে আবৃত, যি সংশ্লিষ্ট গ্ৰহক সূচায়।
ইতিহাস অনুসৰি, আহোম ৰজা ৰাজেশ্বৰ সিংহই অষ্টাদশ শতিকাত এই মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভিতৰত ন টা শিৱলিংগ আছে, যিবোৰে নৱগ্ৰহক প্ৰতীকী ৰূপে প্ৰতিনিধিত্ব কৰে। প্ৰতিটো শিৱলিংগৰ ওপৰত ভিন্ন ৰঙৰ কাপোৰেৰে গ্ৰহসমূহক চিহ্নিত কৰা হৈছে।
ভাৰতীয় জ্যোতিষশাস্ত্ৰত নৱগ্ৰহৰ বিশেষ গুৰুত্ব আছে। বহু ভক্তই বিশ্বাস কৰে যে নৱগ্ৰহৰ আশীৰ্বাদে জীৱনৰ বাধা-বিঘিনি দূৰ কৰি সুখ-সমৃদ্ধি কঢ়িয়াই আনে।বিশেষকৈ শনিবাৰ, অমাৱস্যা, পূৰ্ণিমা আৰু গ্ৰহণৰ সময়ত এই মন্দিৰত ভক্তৰ ভিৰ অধিক হয়।
বৰ্তমানেও নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ অন্যতম জনপ্ৰিয় ধৰ্মীয় আৰু পৰ্যটনস্থলী। পাহাৰৰ শীৰ্ষৰ পৰা গুৱাহাটী মহানগৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা দৃশ্য দৰ্শন কৰিব পাৰি। দেশ-বিদেশৰ পৰ্যটকসকলেও এই ঐতিহাসিক স্থান উপভোগ কৰিবলৈ আহে।এই স্থানৰ আধ্যাত্মিক পৰিৱেশ, স্থাপত্য আৰু পাহাৰৰ পৰা দেখা গুৱাহাটীৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহে। ভক্তৰ লগতে দেশ-বিদেশৰ পৰ্যটকসকলেও এই ঐতিহাসিক স্থান পৰিদৰ্শন কৰিবলৈ আগ্ৰহেৰে আহে। সেইবাবে অগণন ভক্তৰ সমাগম ঘটে নৱগ্ৰহ মন্দিৰত।
“নৱগ্ৰহৰ পূজাই মানুহৰ মনত বিশ্বাস আৰু ইতিবাচক শক্তি সঞ্চাৰ কৰে। ইয়াত ভক্তিসহকাৰে প্ৰাৰ্থনা কৰিলে মানসিক শান্তি লাভ হয় বুলি বিশ্বাস।”
বিশ্বাস, ইতিহাস, বিজ্ঞান আৰু প্ৰাকৃতিক সৌন্দৰ্য—এই চাৰিওটাৰ এক অনন্য সংমিশ্ৰণ হৈছে গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ। যুগে যুগে ভক্তৰ আস্থাৰ কেন্দ্ৰ হৈ থকা এই মন্দিৰে আজিও অসমীয়া ঐতিহ্যক বিশ্বৰ আগত গৌৰৱেৰে উপস্থাপন কৰি আহিছে।
এই নৱগ্ৰহ মন্দিৰ কেৱল ধৰ্মীয় স্থানেই নহয়, অসমৰ গৌৰৱৰ এক উজ্জ্বল প্ৰতীক।