চুটি ছবি ‘আৱেগ’ আৰু ‘কালবৈশাখী’ৰ শুভমুক্তি

আৰ চি প্ৰডাকচনৰ দুখন চুটি ছবি ‘আৱেগ’ আৰু ‘কালবৈশাখী’ৰ শুভমুক্তি।আৰ চি প্ৰডাকচনৰ নিবেদনত শুভমুক্তি লাভ কৰিলে দুখন চুটি ছবি ‘আৱেগ’ আৰু ‘কালবৈশাখী। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে ছবিদুখনৰ শুভমুক্তি সম্পন্ন হয়। শুভমুক্তি অনুষ্ঠানত চলচ্চিত্ৰ, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।ছবিদুখনৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে D News আৰু D Northeast-ৰ পৰিচালন সঞ্চালক। লগতে উপস্থিত থাকে ছবিদুখনৰ সৈতে জড়িত শিল্পী, কলা-কুশলী আৰু বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকল।চুটি ছবি দুয়োখনৰ কাহিনী আৰু বিষয়বস্তুৰ জৰিয়তে দৰ্শকৰ মাজত এক বিশেষ বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ নতুন প্ৰজন্মৰ প্ৰতিভাৱান শিল্পী আৰু কলা-কুশলীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আৰ চি প্ৰডাকচনৰ এই পদক্ষেপে গুৰুত্ব বহন কৰিছে।শুভমুক্তি অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ছবিদুখনৰ সৈতে জড়িত সমগ্ৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ অধিক মানসম্পন্ন ছবি নিৰ্মাণৰ বাবে উৎসাহিত কৰে। ছবিদুখনে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে নিৰ্মাণৰ সৈতে জড়িতসকলে।

Leave A Reply

Your email address will not be published.