আজি CRPF ৰ ৮৭তম প্ৰতিষ্ঠা দিৱস

CRPF (চি.আৰ.পি.এফ.) হৈছে ভাৰত চৰকাৰৰ এক প্ৰধান কেন্দ্ৰীয় আৰক্ষী বাহিনী, যাৰ মুখ্য দায়িত্ব হৈছে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা বজাই ৰখা। ১৯৩৯ চনৰ ২৭ জুলাই তাৰিখে ব্রিটিছ চৰকাৰে ৰাজকীয় ৰাজ্যসমূহৰ ৰাজনৈতিক অস্থিৰতা আৰু অশান্তি সমাধানৰ প্ৰয়োজনত “দ্য ক্ৰাউন ৰিপ্ৰেজেন্টেটিভছ পুলিচ” হিচাপে এই বাহিনী প্ৰতিষ্ঠা কৰিছিল। সময়ৰ লগে লগে এই বাহিনীয়ে ভাৰতৰ আটাইতকৈ পুৰণি আৰু অন্যতম প্ৰসিদ্ধ কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ ৰূপ লৈছে।

১৯৩৬ চনৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মাদ্ৰাছ প্ৰস্তাৱই CRPF গঠনক বিশেষভাৱে প্ৰভাৱিত কৰিছিল। এই প্ৰস্তাৱত অভ্যন্তৰীণ সুৰক্ষাৰ বাবে এটা সবল ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। স্বাধীনতা লাভৰ পাছত CRPF-এ এক গুৰুত্বপূর্ণ ৰূপান্তৰৰ সময় পাৰ কৰিলে। ১৯৪৯ চনৰ ২৮ ডিচেম্বৰত সংসদৰ এটা আইনৰ জৰিয়তে ইয়াক “চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চ” (Central Reserve Police Force) বুলি নতুনকৈ নামাকৰণ কৰা হয়। এই আইনে কেৱল নামটোৰ পৰিবৰ্তন নিদিয়ে, ই CRPF-ক ভাৰত চৰকাৰৰ অধীনস্থ এখন সশস্ত্ৰ বাহিনী হিচাপে স্বীকৃতি দিছিল।

সেই সময়ৰ গৃহ মন্ত্ৰী, চর্দাৰ বল্লভভাই পেটেলে এই বাহিনীৰ বাবে এক বহুমুখী ভুমিকা কল্পনা কৰিছিল, যি স্বাধীনতা লাভ কৰা নতুন ভাৰতৰ প্ৰয়োজনীয়তাৰ লগত মিল ৰাখিছিল। CRPF গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ বাহিনী হিচাপে আইন-শৃংখলা ৰক্ষা, বিদ্ৰোহ দমন অভিযান আৰু নক্সালবিৰোধী অভিযান আদিত ৰাজ্যবোৰক সহায় আগবঢ়াই আহিছে।

এই বাহিনীৰ ব্যাপক দায়িত্বই ইয়াৰ অভ্যন্তৰীণ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় স্থিৰতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চ (CRPF)-ৰ ৮৭তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সকলো CRPF কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.