পানীত আৰ্চেনিক নীৰৱ বিষ

মাৰাত্মক ৰোগৰ সৃষ্টিৰ কাৰক।পানী হৈছে জীৱনৰ আধাৰ। কিন্তু এই জীৱনদায়ী পানীয়েই যদি বিষত পৰিণত হয়, তেন্তে সেয়া চিন্তাৰ বিষয়। পানীত আৰ্চেনিকৰ উপস্থিতি আজিও বহু অঞ্চলৰ বাবে এক গুৰুতৰ জনস্বাস্থ্য সমস্যা। আৰ্চেনিক হৈছে প্ৰাকৃতিকভাৱে মাটিৰ তলত পোৱা এবিধ বিষাক্ত মৌল। কেতিয়াবা ভূগৰ্ভস্থ শিল আৰু মাটিৰ স্তৰৰ পৰা ই পানীত মিহলি হৈ পুখুৰী বা টিউবৱেলৰ পানীত প্ৰৱেশ কৰে।
আৰ্চেনিক এবিধ অতি বিষাক্ত ৰাসায়নিক পদাৰ্থ। আমাৰ ৰাজ্যৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিৰ তৰপত প্ৰাকৃতিকভাৱে এই বিষাক্ত পদাৰ্থবিধ পোৱা যায়। ভূগৰ্ভস্থ পানীৰ স্তৰ কমি অহাৰ লগে লগে এই আৰ্চেনিক পানীৰ সৈতে মিলি যায় আৰু পানীখিনিক বিষাক্ত কৰি তোলে।

আৰ্চেনিকযুক্ত পানী বহুদিন ধৰি পান কৰিলে শৰীৰত লাহে লাহে বিষক্ৰিয়া আৰম্ভ হয়। ইয়াৰ ফলত হাত আৰু ভৰিৰ তলুৱাৰ ছাল ডাঠ আৰু খহটা হৈ পৰে। নখবোৰ ক’লা পৰি যোৱা, পেটৰ সমস্যা, ভোক নলগা, আৰু ৰক্তহীনতা আদি ৰোগ হ’ব পাৰে। সৰু শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত ই বাধা দিয়ে। সৰ্বশেষত ই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগো সৃষ্টি কৰিব পাৰে।
বিশেষজ্ঞসকলৰ মতে, আৰ্চেনিকৰ উপস্থিতি কেৱল চকুৰে চাই, সোৱাদ লৈ বা গোন্ধ পাই অনুমান কৰিব নোৱাৰি। ইয়াক কেৱল বিজ্ঞানসম্মত পৰীক্ষাৰ জৰিয়তেহে নিশ্চিত কৰিব পাৰি।
সেয়েহে পানীৰ নমুনা পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। আৰ্চেনিকমুক্ত নিৰাপদ পানী ব্যৱহাৰ, অনুমোদিত ফিল্টাৰ ব্যৱহাৰ, আৰু চৰকাৰে নিৰ্ধাৰণ কৰা নিৰাপদ পানীৰ উৎস ব্যৱহাৰ কৰাটো স্বাস্থ্য সুৰক্ষাৰ বাবে জৰুৰী।
বিশুদ্ধ পানী সুস্বাস্থ্যৰ প্ৰথম চৰ্ত। সজাগ হওক, নিয়মিতভাৱে পানীৰ গুণগত মান পৰীক্ষা কৰক, আৰু নিজকে তথা পৰিয়ালক আৰ্চেনিকৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত ৰাখক।

Leave A Reply

Your email address will not be published.