প্ৰাচীন ঐতিহ্য আৰু আধ্যাত্মিকতাৰ অমৰ সাক্ষী!

দশম-চতুৰ্দশ শতিকাৰ অপূৰ্ব শিলৰ স্থাপত্য! প্ৰকৃতি, ইতিহাস আৰু সংমিশ্ৰিত বিশ্বাস!অৰুণাচল-অসম সীমান্তৰ পবিত্ৰ ‘মালিনী থান’।অসম-অৰুণাচল সীমান্তৰ সেউজীয়া নিৰিবিলি পৰিৱেশৰ মাজত, ইতিহাস আৰু পৌৰাণিক মহিমাৰে উদ্ভাসিত হৈ আছে এক পবিত্ৰ স্থান— ‘মালিনী থান’। ই কেৱল এখন ধৰ্মীয় উপাসনা স্থলেই নহয়, বৰঞ্চ প্ৰাচীন প্ৰাচ্যৰ অপূৰ্ব স্থাপত্য কলা আৰু পুৰাণপ্ৰসিদ্ধ কাহিনীৰ এক অনন্য নিদৰ্শন।প্ৰচলিত কিংবদন্তি অনুসৰি, এই স্থানৰ সৈতে জৰিত আছে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ এক আধ্যাত্মিক কাহিনী। শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নিয়াৰ পথত এই স্থানত শিৱ-পাৰ্বতীক দৰ্শন কৰিছিল। তেতিয়া পাৰ্বতী দেৱীয়ে ধুনীয়া ফুলৰ মালাৰে তেওঁলোকক আদৰণি জনোৱাত, প্ৰসন্ন হৈ কৃষ্ণই দেৱী পাৰ্বতীক ‘মালিনী’ নামেৰে বিভূষিত কৰিছিল। আৰু তেতিয়াৰ পৰাই এই পবিত্ৰ স্থানৰ নাম ‘মালিনী থান’ হিচাপে প্ৰখ্যাত হৈ পৰে।মালিনী থানৰ প্ৰধান আকৰ্ষণ হৈছে ইয়াৰ প্ৰাচীন পাথৰৰ স্থাপত্য। ইয়াত আৱিষ্কৃত কুঁন্দা মূৰ্তি, খোদিত স্তম্ভ আৰু অট্টালিকাৰ ঐতিহাসিক ধ্বংসাৱশেষসমূহে দশমৰ পৰা চতুৰ্দশ শতিকাৰ বিশেষ স্থাপত্যশৈলীৰ নিদৰ্শন দাঙি ধৰে। প্ৰত্নতাত্ত্বিক গৱেষণাত পোহৰলৈ অহা এই অৱশেষসমূহে আমাৰ পূৰ্বপূৰুষৰ শিল্পকলাৰ উচ্চমান আৰু গৰিমাৰ কথা আজিও সোঁৱৰায়।মালিনী থান কেৱল এক প্ৰত্নতাত্ত্বিক ক্ষেত্ৰই নহয়, ই হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক পবিত্ৰ আধ্যাত্মিক কেন্দ্ৰ। চ’ত আৰু বহাগ মাহৰ বাসন্তী পূজাত ইয়াত অগণন ভক্তৰ সমাগম ঘটে। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়ালৈ আহে মনৰ শান্তি আৰু দেৱীৰ আশীৰ্বাদ বিচাৰি।ইতিহাস, প্ৰকৃতি আৰু আধ্যাত্মিকতাৰ এনে সংমিশ্ৰণ সচৰাচৰ দেখা নাযায়। আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এই আপুৰুগীয়া সম্পদখিনিক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। আহক, আমি আমাৰ এই গৌৰৱময় প্ৰাচীন ইতিহাসক জানো আৰু নতুন প্ৰজন্মৰ বাবে ইয়াক সযতনে সংৰক্ষিত কৰি ৰাখো।

Leave A Reply

Your email address will not be published.