নেমুৰ উপকাৰিতা

নেমুৰ ৰস উলিয়াই পেলোৱাৰ পিছত বাকলিবোৰ কেতিয়াও পেলাই নিদিব! এই নেমুৰ বাকলিয়ে কৰিব পাৰে স্বাস্থ্যৰ বহু উপকাৰ।ঘৰত সাধাৰণতে নেমুৰ ৰস উলিয়াই লোৱাৰ পিছত ইয়াৰ বাকলিখিনিক অপ্রয়োজনীয় বুলি ভাবি আৱৰ্জনাৰ বাকচত পেলাই দিয়া হয়। কিন্তু আপুনি জানেনে, যি নেমুৰ বাকলিক আমি মূল্যহীন বুলি ভাবোঁ, সেয়া আচলতে পুষ্টিগুণেৰে ভৰপূৰ এক অমূল্য ভঁৰাল? বাস্তৱতে নেমুৰ ছালত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ, কেলচিয়াম, পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে। এই বাকলি পানীত উতলাই বা কিছু সময় তিয়াই সেই পানী সেৱন কৰিলে শৰীৰৰ স্বাস্থ্য, শৰীৰৰ ছাল, পাচন তন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে বহু উপকাৰী হ’ব পাৰে। আহক জানো নেমুৰ বাকলিয়ে আমাৰ শৰীৰৰ বাবে কি কি উপকাৰ সাধন কৰে।

নেমুৰ ছালত ভিটামিন-চি আৰু ফ্লেভ’নয়ড প্ৰচুৰ পৰিমাণে থাকে। এই উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। নিয়মীয়াকৈ সেৱন কৰিলে ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা চৰ্দি-কাশৃহ, ভাইৰেল সংক্ৰমণ আদি সমস্যাৰ আশংকা কিছু পৰিমাণে কমাব পাৰে। যিসকলৰ প্ৰায়ে গেছ, বদহজমৰ সমস্যা থাকে, তেওঁলোকৰ বাবে এই পানী উপকাৰী হ’ব পাৰে। নেমুৰ বাকলিত থকা আঁহ আৰু প্ৰাকৃতিক এনজাইমে পাচন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে।

ওজন কমাব বিচৰা লোকসকলৰ বাবেও এই পানী উপকাৰী হ’ব পাৰে। ই শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়া সক্ৰিয় কৰাত সহায় কৰে আৰু অধিক সময় পেট ভৰ্তি অনুভৱ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত অতিমাত্ৰা খাদ্য গ্ৰহণৰ প্ৰৱণতা হ্ৰাস পায়।

নেমুৰ বাকলিৰ পানীয়ে শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ ফলত ত্বকত ইতিবাচক প্ৰভাৱ পৰে আৰু মুখৰ দাগ বা পিগমেণ্টেশ্যনৰ সমস্যা কিছু পৰিমাণে হ্ৰাস পোৱাত সহায় কৰে । লগতে ছালৰ প্ৰাকৃতিক উজ্জ্বলতাও বৃদ্ধি পায়।

এই পানীত থকা পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্টে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। লগতে শৰীৰত থকা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰি হৃদৰোগৰ আশংকা কমাব পাৰে। নেমুৰ ছালৰ পানীয়ে যকৃত আৰু বৃক্কৰ স্বাভাৱিক কাৰ্যক্ষমতা সমৰ্থন কৰাত সহায় কৰিব পাৰে। ইয়াৰ ফলত শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হোৱাত সহায় হয় আৰু দিনজুৰি ক্লান্তি কম অনুভৱ হয়। নেমুৰ বাকলিত থকা এণ্টিবেক্টেৰিয়েল গুণে মুখৰ ক্ষতিকাৰক বেক্টেৰিয়া নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফলস্বৰূপে মুখৰ দুৰ্গন্ধ আৰু মুখগহ্বৰৰ সংক্ৰমণৰ আশংকা কিছু পৰিমাণে কমাব পাৰে।

আহক জানো কেনেদৰে প্ৰস্তুত কৰিব নেমুৰ বাকলিৰ পানী?

প্ৰথমে সতেজ নেমুৰ বাকলিখিনি ভালদৰে ধুই লব। ইয়াৰপিছত এটা পাত্ৰত ২ কাপ পানী লৈ তাত নেমুৰ বাকলিখিনি দি ১০ৰ পৰা ১৫ মিনিটলৈকে উতলাই লওক। তাৰ পিছত গেছ বন্ধ কৰি পানীখিনি ঠাণ্ডা হ’বলৈ দিয়ক। এতিয়া পানীখিনি ছেকি লওক আৰু পান কৰক। সোৱাদ বঢ়াবলৈ ইচ্ছা কৰিলে অলপ মৌ মিহলাই ল’ব পাৰে।

গুৰুত্বপূৰ্ণ কথাটো যে নেমুৰ বাকলিখিনি ব্যৱহাৰ কৰাৰ আগতে ভালদৰে ধুই লোৱাটো অতি প্ৰয়োজনীয়, কিয়নো ইয়াৰ ওপৰত কীটনাশকৰ অৱশিষ্ট থাকিব পাৰে। লগতে এই পানীয়ে সকলো ৰোগ নিৰাময় কৰে বুলি বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই। যদি আপোনাৰ কোনো বিশেষ স্বাস্থ্যজনিত সমস্যা আছে বা নিয়মীয়াকৈ ঔষধ সেৱন কৰে, তেন্তে এই পানীয় নিয়মিতভাৱে গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।

Leave A Reply

Your email address will not be published.