AIIMS স্থাপনৰ আঁৰৰ মহিলা

ৰাজপৰিয়ালৰ পৰা স্বাধীনতা সংগ্ৰামলৈ।”ৰাজকুমাৰী অমৃত কৌৰ” আপুনি জানেনে, স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী এগৰাকী মহিলা আছিল? আৰু তেৱেঁই দেশত প্ৰথম অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS স্থাপনৰ পথ প্ৰশস্ত কৰিছিল? আমি ক’বলৈ গৈছোঁ ৰাজকুমাৰী অমৃত কৌৰৰ কথা। যদিও আজিৰ সময়ত ইতিহাসৰ পৃষ্ঠাত তেওঁৰ নাম কিছু ম্লান হৈ আহিছে, তথাপিও ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু দেশ গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। ৰাজপৰিয়ালৰ সদস্যা হৈও তেওঁ সকলো বিলাসিতা ত্যাগ কৰি সমগ্ৰ জীৱন দেশসেৱাত উৎসৰ্গা কৰিছিল। দেশৰ স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ লগতে মহিলাৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰতো তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

ৰাজকুমাৰী অমৃত কৌৰৰ জন্ম ১৮৮৯ চনৰ ২ ফেব্ৰুৱাৰীত লক্ষ্ণৌত হৈছিল। তেওঁ পঞ্জাৱৰ কাপুৰথলা ৰাজপৰিয়ালৰ সদস্যা আছিল। প্ৰাথমিক শিক্ষা ইংলেণ্ডৰ শ্বাৰবৰ্ণ স্কুল ফৰ গাৰ্লছত লাভ কৰাৰ পিছত তেওঁ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে।

অমৃত কৌৰে পঢ়াশুনা সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি অহাৰ সময়ত দেশজুৰি স্বাধীনতা আন্দোলনে এক তীব্ৰ ৰূপ লৈছিল। এই পৰিৱেশে তেওঁক ৰাজনীতিলৈ আকৰ্ষিত কৰিছিল। কিন্তু তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহে মহাত্মা গান্ধীৰে সাক্ষাৎ হোৱাৰ পিছত।

১৯৩০ চনৰ লৱণ সত্যাগ্ৰহৰ সময়ত ৰাজকুমাৰী অমৃত কৌৰ মহাত্মা গান্ধীৰ আদৰ্শত গভীৰভাৱে অনুপ্ৰাণিত হয় আৰু আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁ ৰাজকীয় সাজ-পোছাক ত্যাগ কৰি খাদী পৰিধান কৰিবলৈ আৰম্ভ কৰে আৰু সৰল জীৱনযাপন বাছি লয়। গান্ধীজীৰ প্ৰতি তেওঁৰ আস্থা ইমানেই গভীৰ আছিল যে তেওঁ প্ৰায় ১৬ বছৰ ধৰি মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে কাম কৰে। এই সময়ছোৱাত গান্ধীজীৰ চিঠি-পত্ৰৰ উত্তৰ দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্দোলনৰ পৰিকল্পনা প্ৰস্তুত কৰালৈকে তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল।

উল্লেখ্য় যে ভাৰত ত্যাগ আন্দোলনৰ পিছত তেওঁ প্ৰায় তিনি বছৰ কাৰাবাস ভোগ কৰিবলগীয়া হৈছিল। কিন্তু স্বাধীনতাৰ বাবে তেওঁৰ সংগ্ৰাম কেতিয়াও থমকি ৰোৱা নাছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পিছত দেশত দৰিদ্ৰতা, অপুষ্টি, মেলেৰিয়া, যক্ষ্মাৰ দৰে বহু জটিল স্বাস্থ্য সমস্যাই দেখা দিছিল। তেতিয়াই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তেওঁৰ কৰ্মদক্ষতাত মুগ্ধ হৈ তেওঁক স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে আৰ তেওঁ এই দায়িত্ব প্ৰায় ১০ বছৰ সফলতাৰে পালনো কৰে।

উল্লেখ্য় যে স্বাস্থ্য মন্ত্ৰী হিচাপে ৰাজকুমাৰী অমৃত কৌৰে দেশক AIIMSৰ দৰে বিশ্বমানৰ চিকিৎসা প্ৰতিষ্ঠান উপহাৰ দিয়ে। তেওঁৰ লক্ষ্য আছিল এনে এখন চিকিৎসা প্ৰতিষ্ঠান গঢ়ি তোলা, য’ত দৰিদ্ৰ লোকসকলে উন্নতমানৰ চিকিৎসা লাভ কৰিব পাৰে আৰু দেশৰ চিকিৎসকসকলে বিশ্বমানৰ চিকিৎসা শিক্ষা লাভ কৰাৰ সুযোগ পায়। সেই সময়ত চৰকাৰৰ হাতত AIIMS নিৰ্মাণৰ বাবে পৰ্যাপ্ত ধন নাছিল। সেয়েহে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰ্থিক সহায় সংগ্ৰহৰ অভিযান আৰম্ভ কৰে। বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেচনৰ পৰা সহায় বিচাৰে। আনকি শিমলাত থকা নিজৰ পৈতৃক বাসগৃহ ‘মেনৰভিল’ AIIMS-ৰ চিকিৎসক আৰু নাৰ্ছসকলৰ ব্যৱহাৰৰ বাবে দান কৰি দিয়ে।

অৱশেষত তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে ১৯৫৬ চনত নতুন দিল্লীত প্ৰথমখন AIIMS-ৰ ভেটি স্থাপন কৰা হয়। স্বাস্থ্য খণ্ডৰ উন্নয়নৰ উপৰিও ৰাজকুমাৰী অমৃত কৌৰে মহিলাৰ অধিকাৰ আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰতো অসামান্য ভূমিকা পালন কৰিছিল। ১৯৬৪ চনৰ ৬ ফেব্ৰুৱাৰীত ৰাজকুমাৰী অমৃত কৌৰে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কেতিয়াও বিবাহপাশত আবদ্ধ হোৱা নাছিল। বৰঞ্চ নিজৰ সমগ্ৰ জীৱন দেশ আৰু দেশবাসীৰ সেৱাত উৎসৰ্গা কৰি থৈ যায় ।

Leave A Reply

Your email address will not be published.