কটন কলেজলৈ ১০০ কোটি টকাৰ পেকেজ

১২৫ বছৰত ভৰি দিয়া কটন কলেজলৈ (পাছলৈ কটন বিশ্ববিদ্যালয়) আগবঢ়োৱা হৈছে এশ কোটি টকাৰ অনুদান। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়- ১৯০১ চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে পৰা অসমত কটন কলেজৰ জন্ম লাভ কৰিছিল। আজি কটন বিশ্ববিদ্যালয়ে ১২৫ বছৰৰ গৌৰৱময় ঐতিহ্য পূৰণ কৰিলে। কটনৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ ক্ষণটোত বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে এক কোটি টকাৰ অনুদান ঘোষণা কৰিছোঁ। মুখ্যমন্ত্রী শৰ্মাৰ এনে ঘোষণাৰ পাছতে উছাহৰ ধল বৈছে কটন বিশ্ববিদ্যালয়খনত। দীর্ঘদিন ধৰি অৰ্থনৈতিক সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছিল বিশ্ববিদ্যালয়খন। মুখ্যমন্ত্ৰীৰ এনে ঘোষণাত সন্তুষ্টি প্রকাশ কৰিছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্রাক্তন সভাপতি হিমাংশু কুমাৰ দাসে। তেওঁ কয়- ‘কটন বিশ্ববিদ্যালয়ৰ বাবে আজি এক গুৰুত্বপূৰ্ণ আৰু আশাব্যঞ্জক দিন। স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পৰা মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু শৈক্ষিক উন্নয়নৰ বাবে ১০০ কোটি টকাৰ আৰ্থিক অনুদান ঘোষণা কৰিছে ২০১৬ চনত কটন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ পাছত এয়া বিশ্ববিদ্যালয়খনে লাভ কৰা অন্যতম বৃহৎ চৰকাৰী আৰ্থিক সহায়। ১২৬ বছৰীয়া এই ঐতিহাসিক শিক্ষানুষ্ঠানখন দীর্ঘদিন ধৰি বিভিন্ন আর্থিক সমস্যাৰ সম্মুখীন হৈ আহিছে। সেয়েহে এই অনুদানে বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত নতুন গতি প্রদান কৰিব বুলি আমি আশা কৰোঁ। এই দাবী আজি বা কালি উত্থাপিত হোৱা নহয়। বিগত এটা দশক ধৰি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাসমূহে ধাৰাবাহিকভারে এই দাবী উত্থাপন কৰি আহিছে। বিশ্ববিদ্যালয় কর্তৃপক্ষ, শিক্ষক-শিক্ষার্থী আৰু অন্যান্য অংশীদাৰসকলেও বিভিন্ন সময়ত চৰকাৰৰ ওচৰত এই বিষয়টো উত্থাপন কৰি আহিছে। আজি সেই দীঘলীয়া প্রচেষ্টা আৰু দাবীৰ এক ইতিবাচক পৰিণতি দেখিবলৈ পোৱা গ’ল। এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কটন বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক, শিক্ষার্থী, কৰ্মচাৰী আৰু সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়াললৈ আন্তৰিক অভিনন্দন জনাইছোঁ। এতিয়া এই ১০০ কোটি টকাৰ সঠিক আৰু স্বচ্ছ ব্যৱহাৰৰ জৰিয়তে কটন বিশ্ববিদ্যালয়ক দেশৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠান হিচাপে আৰু অধিক শক্তিশালী কৰি তোলাটোৱেই আমাৰ পৰৱৰ্তী লক্ষ্য হোৱা উচিত। আগন্তুক দিনত অসম চৰকাৰ আৰু কটন বিশ্ববিদ্যালয়ৰ মাজত অধিক সমন্বয় আৰু সহযোগিতা আমি আশা কৰোঁ। আন্তঃগাঁথনি উন্নয়নৰ লগতে গৱেষণা, উদ্ভাৱন, শিক্ষক- শিক্ষাৰ্থীৰ সুযোগ-সুবিধা আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো চৰকাৰৰ নিৰন্তৰ সহযোগিতা প্রয়োজন। কটন বিশ্ববিদ্যালয় কেৱল অসমৰ গৌৰৱ নহয়, ই আমাৰ এক ঐতিহাসিক শৈক্ষিক পৰিচয়। সঠিক পৰিকল্পনা, পর্যাপ্ত সহায় আৰু চৰকাৰ-কর্তৃপক্ষ-শিক্ষাৰ্থীৰ সমন্বিত প্ৰচেষ্টাৰে এই প্ৰতিষ্ঠানখনক বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ সৈতে ফেৰ মাৰিব পৰা এক প্রতিষ্ঠান হিচাপে গঢ়ি তুলিব পাৰি। সেই লক্ষ্যৰ দিশত চৰকাৰৰ সহযোগিতা আৰু অধিক শক্তিশালী হ’ব বুলি আমি আশা কৰোঁ।’