স্বৰ্গদেউসকলৰ পবিত্ৰ শয়নাগাৰ ‘চৰাইদেউ মৈদাম’

আপুনি পৰম্পৰাগত মাটি, ইটা আৰু চুনৰ অপূৰ্ব নিৰ্মাণ দেখিছেনে ?যি পূৱৰ পিৰামিড’ হিচাপে প্ৰখ্যাত!আহোম স্বৰ্গদেউসকলৰ পবিত্ৰ শয়নাগাৰ ‘চৰাইদেউ মৈদাম’।৬০০ বছৰীয়া আহোম ৰাজবংশৰ সুকীয়া পৰম্পৰাৰ অমৰ সাক্ষী। অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সীমান্তৰ সেউজীয়া ধৰণীত মূৰ তুলি থিয় হৈ আছে আহোম স্বৰ্গদেউসকলৰ পবিত্ৰ শয়নাগাৰ— চৰাইদেউ মৈদাম। ১২২৮ খ্ৰীষ্টাব্দত প্ৰথম আহোম স্বৰ্গদেউ ছাওলুং চুকাফাই চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। তাৰ পিছৰ পৰাই প্ৰায় ৬০০ বছৰ ধৰি আহোম স্বৰ্গদেউ, ৰাণী আৰু ৰাজপৰিয়ালৰ সদস্যসকলক শেষ শয়ন দিয়া হৈছিল এই ঐতিহাসিক মৈদামসমূহত।
ইটা, মাটি আৰু চুনেৰে বিশেষ পৰম্পৰাগত প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই মৈদামসমূহক ‘পূবৰ পিৰামিড’ (Pyramids of the East) বুলিও জনা যায়। ইজিপ্তৰ পিৰামিডৰ দৰেই আহোম ধৰ্মীয় পৰম্পৰা অনুসৰি মৃত স্বৰ্গদেউসকলৰ লগত তেওঁলোকৰ ব্যৱহৃত ৰাজকীয় অলংকাৰ, কাপোৰ-কানি, বাচন-বৰ্তন আৰু অন্যান্য সম্পত্তি এই মৈদামসমূহত সংৰক্ষিত কৰি ৰখা হৈছিল।
চৰাইদেউৰ মৈদামৰ ঐতিহাসিক গুৰুত্ব আৰু অনন্য স্থাপত্যক সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্ক’ৰ স্বীকৃতি লাভ কৰাৰ পিছত, এই মৈদামে কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বৰ পৰ্যটন মানচিত্ৰত এক নতুন মাত্ৰা লাভ কৰিছে। প্ৰতিদিনে দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে আহোম যুগৰ এই অপূৰ্ব কাৰুকাৰ্য প্ৰত্যক্ষ কৰিবলৈ চৰাইদেউত আগমন ঘটে।
আমাৰ পূৰ্বপুৰুষ আহোম স্বৰ্গদেউসকলৰ এই অমৰ ঐতিহ্য চৰাইদেউ মৈদাম সংৰক্ষণ কৰাটো সমগ্ৰ অসমবাসীৰে দায়িত্ব।