পুনৰ অগ্নিগৰ্ভা মণিপুৰ

মণিপুৰ হিংসাত জড়িত আৰম্বাই টেংগলৰ পাঁচ সদস্যসহ এজন জ্যেষ্ঠ নেতাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আকৌ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ইম্ফল উপত্যকাৰ বিভিন্ন স্থানত হেজাৰ হেজাৰ লোক ৰাজপথলৈ ওলাই আহি ৰাজহুৱা সম্পত্তিৰ লগতে বহুতো যান-বাহনত অগ্নিসংযোগ কৰে। প্রতিবাদকাৰীসকলে শিল, ইটা, ৰড আদি নিৰাপত্তাৰক্ষীলৈ নিক্ষেপ কৰাত বহুকেইগৰাকী নিৰাপত্তাৰক্ষীৰ জোবান আহত হয়।


একাংশ মেইটেই লোকে নিৰাপত্তাৰক্ষীৰ সন্মুখত গাত পেট্রল ঢালি আত্মজাহৰো ভাবুকি দিয়ে। নিৰাপত্তাৰক্ষীৰ দলে যিসমূহ স্থানত প্ৰতিবাদকাৰীক আঁতৰাই পঠিওৱাৰ চেষ্টা কৰে সেই সকলোবোৰ স্থানত দুয়োপক্ষৰ মাজত সংঘর্ষ হয়। আনহাতে চৰকাৰী বাহিনীয়েও ঠায়ে ঠায়ে প্রতিবাদকাৰীক খেদি পঠিয়াবলৈ চেষ্টা চলায়। গ্ৰেপ্তাৰ কৰা উগ্রপন্থীকেইটাক বিমানেৰে গুৱাহাটীলৈ যাতে নিব নোৱাৰে, তাৰ বাবে প্ৰতিবাদকাৰীসকলে এয়াৰপ’ৰ্ট ৰোডত যান-বাহনত অগ্নিসংযোগ কৰে আৰু পথৰ ওপৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে। বিমান বন্দৰলৈ যোৱা পথটোত নিৰাপত্তাৰক্ষীৰ কেইবাখনো বাহন জ্বলাই দিয়ে। ইম্ফলৰ কোৱাইথেল আৰু উৰিপকত প্ৰতিবাদকাৰীৰ আক্ৰমণত বহুকেইজন নিৰাপত্তাৰক্ষী আহত হয়।

কালি চি বি আয়ে ইম্ফল বিমান বন্দৰত আৰম্বাই টেংগলৰ এজন দুর্ধর্ষ নেতাক গ্ৰেপ্তাৰ কৰি বিমানেৰে গুৱাহাটীলৈ আনে। এই – উগ্রপন্থী নেতাজন মণিপুৰ হিংসাৰ বহুকেইটা হত্যা-হিংসা, অগ্নিসংযোগৰ ঘটনাত জড়িত। তদুপৰি এজন প্রাক্তন আৰক্ষীকো মণিপুৰ হিংসা তথা কুকি হত্যাত জড়িত থকা বাবে গ্ৰেপ্তাৰ কৰা হৈছে। এই উগ্রপন্থী নেতাজনক গুৱাহাটীলৈ অনাৰ পিচতে ইম্ফলত প্রতিবাদকাৰীসকলে হিংসাত্মক ঘটনাত জড়িত হয়।

এনে আক্রমণত এজন প্রতিবাদকাৰী গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে বিভিন্ন মেইটেই মণিপুৰী সংগঠনৰ লোকে ছ’চিয়েল মিডিয়াত অজস্র বিভ্রান্তিকৰ, প্ৰৰোচনামূলক আৰু সাম্প্রদায়িক মন্তব্য বিয়পাই পৰিস্থিতি জটিল কৰি তোলে। ফলত চৰকাৰে ৫ খন জিলাত সান্ধ্য আইন বলবৎ কৰাৰ লগতে ১০ দিনৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰে।

Leave A Reply

Your email address will not be published.