মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি লৈ ৰাহুল গান্ধীয়ে কয় যে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ মাটি বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিছে । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভ্ৰষ্টাচাৰী‌ আখ্যা দি অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী গৰাকী জেললৈ যাবলগীয়া হ’ব বুলি দাবী কৰে ৰাহুল গান্ধীয়ে ।

ইফালে ৰাহুল গান্ধীৰ উচ্ছেদ সম্পৰ্কীয় অভিযোগক নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যক বিভ্ৰান্তিকৰ আখ্যা দিছে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাহুল গান্ধীৰ এনেধৰণৰ উচতনিমূলক মন্তব্যই ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰিব পাৰে ।

আনহাতে ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে জেলত ভৰাব বুলি কৰা মন্তব্যত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “ৰাহুল গান্ধীক এটা কথা স্পষ্টকৈ কওঁ- মই এজন অসমীয়া, মোৰ জন্ম অসমত। মই দুধদানীৰ গাখীৰ খাই জন্ম হোৱা নাই; মই মোৰ মাৰ গাখীৰ খাই জন্ম হৈছোঁ। গতিকে, মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছো‌ ।

উল্লেখযোগ্য যে, ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পিছৰ দিনটোতেই গোৱালপাৰা জিলাৰ পাইকান উচ্ছেদস্থলীত আৰক্ষীক আক্ৰমণ কৰে একাংশ লোকে । আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল একাংশ উচ্ছেদিতই । যাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী জোৱান সকল ।

Leave A Reply

Your email address will not be published.