জগন্নাথ মন্দিৰ যাক কোৱা হয় হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ তীৰ্থস্থান। বহু প্ৰমাণিত এই তীৰ্থস্থান সমগ্ৰ বিশ্ব বিখ্যাত এই মন্দিৰৰ আছে অপাৰ মহিমা, লগতে অনেক ৰহস্যৰ আৱৰ্তত আছে এই তীৰ্থস্থান।
ভাৰতৰ অন্যতম হিন্দু তীৰ্থস্থান হৈছে এই জগন্নাথ পুৰী। য’ত গোটেই বছৰ এই স্থানত ভিৰ কৰা দেখিবলৈ পোৱা যায় ভক্তৰ। ভাৰতৰ একমাত্ৰ এই মন্দিৰ য’ত কৃষ্ণৰ ভগ্নী সুভদ্ৰাক তেওঁৰ ভাতৃ জগন্নাথ আৰু বলভদ্ৰৰ সৈতে পূজা কৰা হয়। পিছে আপুনি জানিলে হয়টো আচৰিত হ’ব।জগন্নাথ মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে চৰাই আৰু বিমান। এই মন্দিৰৰ ৰহস্য দেখি আজিও আচৰিত হৈ পৰে বিজ্ঞানীসকল। এই মন্দিৰত লুকাই আছে বহু ৰহস্য, যাৰ বাবে ভগৱান জগন্নাথ মন্দিৰক বিশ্বাস কৰে সমগ্ৰ বিশ্বৰ লোকে।
লোকবিশ্বাস মতে, জগন্নাথ পুৰী ৰক্ষা কৰে গৰুড় চৰাইয়ে। যিহেতু চৰাইৰ ৰজা বুলি বিবেচনা কৰা হয় গৰুড় পক্ষীক আৰু সেই বাবেই এই মন্দিৰৰ ওপৰেৰে উৰি নাযায় আন চৰাই। আনহাতে জগন্নাথ পুৰী মন্দিৰৰ ওপৰৰ অংশত অষ্ট ধাতুৰে নিৰ্মিত এটা চক্ৰ আছে। যিটো চক্ৰক ‘নীলচক্ৰ’ বুলিও কোৱা হয়। আৰু এই নীলচক্ৰ এনেদৰে নিৰ্মাণ কৰা হৈছে যে, পুৰীৰ যিকোনো কোণৰ লগতে যিকোনো দিশৰ পৰাও দেখা যায় এই চক্ৰ। এই নীলচক্ৰ চালে এনে অনুভৱ কৰিব পাৰি যে এই চক্ৰটোৱে আপোনাৰ ফালে মুখ কৰি আছে। যাৰ বাবে এই চক্ৰই মন্দিৰৰ ওপৰেৰে উৰি যোৱা বিমানবোৰত বাধাৰ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। সেইবাবেই এই মন্দিৰৰ ওপৰেৰে উৰিব নোৱাৰে কোনো বিমান।

