ডেংগু ভেকচিন

অৱশেষত ভাৰতে লাভ কৰিলে নিজৰ প্ৰথম ডেংগু ভেকচিন।

যদি আপুনিও প্ৰতিবছৰ বাৰিষা আহিলেই ডেংগুৰ আতংকত ভুগে, তেন্তে আপোনাৰ বাবে আছে এক অতি সুখবৰ। অৱশেষত ভাৰতে লাভ কৰিলে নিজৰ প্ৰথম ডেংগু ভেকচিন। বাৰিষাৰ বতৰত ম’হৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ লগে লগে ডেংগুৰ আশংকাও বৃদ্ধি পায়। কিন্তু এতিয়া এই চিন্তাৰ পৰা কিছু পৰিমাণে সকাহ পোৱাৰ সময় আহিছে।

ভাৰতৰ ঔষধ নিয়ন্ত্ৰণ সংস্থা চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেচন এ দেশৰ প্ৰথম ডেংগু ভেকচিন ‘কিউডেংগা’ ব্যৱহাৰৰ বাবে আনুষ্ঠানিক অনুমোদন দিছে। স্বাস্থ্য খণ্ডত ইয়াক ভাৰতৰ এক গুৰুত্বপূৰ্ণ সাফল্য বুলি গণ্য কৰা হৈছে।

‘কিউডেংগা’ জাপানৰ ঔষধ নিৰ্মাতা কোম্পানী টাকেডাই উদ্ভাৱন কৰিছে। কিন্তু “মেক ইন ইণ্ডিয়া” উদ্যোগৰ অধীনত এই ভেকচিনৰ বৃহৎ পৰিসৰত উৎপাদন ভাৰততেই হ’ব। ইয়াৰ বাবে টাকেডাই হায়দৰাবাদস্থিত খ্যাতনামা ঔষধ কোম্পানী বায়’লজিকেল ই ৰ সৈতে চুক্তিবদ্ধ হৈছে। দেশতেই উৎপাদন হোৱাৰ ফলত যোগান ব্যৱস্থা অধিক দ্ৰুত আৰু বাধাহীন হ’ব। আগতে ডেংগু নোহোৱাসকলেও এই ভেকচিন ল’ব পাৰিব।

ক্লিনিকেল পৰীক্ষাৰ তথ্য অনুসৰি, এই ভেকচিন গ্ৰহণ কৰা ৯০ শতাংশতকৈ অধিক লোকৰ শৰীৰত ডেংগুৰ বিৰুদ্ধে প্ৰতিৰোধী এণ্টিবডি সৃষ্টি হৈছে। ই কেৱল ডেংগু প্ৰতিৰোধেই নকৰে, বৰং ৰোগ জটিল হোৱাৰ সম্ভাৱনা আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকাও যথেষ্ট হ্ৰাস কৰে। চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰ’ল অৰ্গেনাইজেচন ৰ নিৰ্দেশনা অনুসৰি ৪ বছৰৰ ওপৰৰ শিশু আৰু ৬০ বছৰ বয়সলৈকে প্ৰাপ্তবয়স্কসকলে এই ভেকচিন গ্ৰহণ কৰিব পাৰিব। মুঠ দুটা ড’জ দিয়া হয়। প্ৰথম ড’জৰ তিনি মাহ পিছত দ্বিতীয় ড’জ দিয়া হয়।

এতিয়াও এই ভেকচিনৰ চৰকাৰী মূল্য ঘোষণা কৰা হোৱা নাই। কিন্তু ভাৰততেই উৎপাদন হোৱাৰ বাবে ইয়াৰ মূল্য সাধাৰণ লোকৰ সামৰ্থ্যৰ ভিতৰত থাকিব বুলি আশা কৰা হৈছে।

ডেংগু ভেকচিন উপলব্ধ হৈছে বুলিয়েই ম’হ নিয়ন্ত্ৰণৰ ব্যৱস্থা অৱহেলা কৰিব নালাগে। বিশেষজ্ঞ চিকিৎসকসকলৰ মতে, এই ভেকচিনে এক শক্তিশালী অতিৰিক্ত সুৰক্ষা প্ৰদান কৰে যদিও ই পৰিষ্কাৰ-পৰিচ্ছন্নতা বা ম’হৰ পৰা সুৰক্ষাৰ বিকল্প নহয়।

সেয়েহে, ঘৰৰ চাৰিওফালে পানী জমা হ’ব নিদিব, ম’হদানি বা ম’হ তাড়নীয়া সামগ্ৰী ব্যৱহাৰ কৰিব আৰু ডেংগু প্ৰতিৰোধৰ মৌলিক নিয়মসমূহ আগৰ দৰেই কঠোৰভাৱে মানি চলিব।

Leave A Reply

Your email address will not be published.