
নাম ডাঃ আনন্দীবাই যোশী।আমাৰ সমাজত চিকিৎসকক ভগৱানৰ সমান মৰ্যাদা দিয়া হয়, নহয় নে ? যিকোনো ৰোগ-বেমাৰত আমি প্ৰথমে চিকিৎসকৰ ওপৰতেই ভৰসা কৰোঁ, তাৰ পিছতহে ভগৱানক স্মৰণ কৰোঁ। সেয়ে চিকিৎসকসকলৰ এই অমূল্য অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱসো পালন কৰা হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছে নেকি, ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক কোন আছিল আৰু তেওঁ কেনেকৈ চিকিৎসক হ’বলৈ সক্ষম হৈছিল? আহক, ইতিহাসৰ পাতত লুকাই থকা ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক আনন্দীবাই যোশীৰ অনুপ্ৰেৰণাদায়ক কাহিনীটি জানিবলৈ চেষ্টা কৰো।
ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক আছিল ডাঃ আনন্দীবাই যোশী। পুৰুষ-প্ৰধান সমাজত সেই সময়ত এগৰাকী মহিলা চিকিৎসক হোৱাটো এক অসাধাৰণ সাফল্য আছিল। ১৮৬৫ চনৰ ৩১ মাৰ্চত পুনেৰ এটা জমিদাৰ পৰিয়ালত তেওঁৰ জন্ম হৈছিল। বিয়াৰ আগতে তেওঁৰ নাম আছিল যমুনা। সেই সময়ত বিয়াৰ পিছত কেৱল উপাধিয়েই নহয়, মহিলাসকলৰ নামো সলনি কৰা হৈছিল।
আনন্দীবাইৰ বিয়া হৈছিল মাত্ৰ ৯ বছৰ বয়সতে, তেওঁতকৈ ১৬ বছৰ ডাঙৰ গোপালৰাও যোশীৰ সৈতে। গোপালৰাওৰ সেয়া আছিল দ্বিতীয় বিবাহ, কাৰণ তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। অতি কম বয়সতে বিয়া হোৱাৰ ফলত আনন্দীবাইয়ে মাত্ৰ ১৪ বছৰ বয়সতে এটি সন্তান জন্ম দিয়ে। কিন্তু জন্মৰ মাত্ৰ ১০ দিনৰ ভিতৰতে শিশুটিৰ মৃত্যু ঘটে।
নিজৰ ১০ দিনীয়া সন্তানক হেৰুৱাই আনন্দীবাই গভীৰভাৱে উপলব্ধি কৰিছিল যে সময়মতে উন্নত চিকিৎসা লাভ কৰিলে হয়তো তেওঁৰ সন্তানটিক বচাব পৰা গ’লহেঁতেন। এই ঘটনাই তেওঁৰ জীৱনৰ দিশ সলনি কৰি দিয়ে। তেওঁ সংকল্প লয় যে চিকিৎসক হৈ আন কোনো মাকক যাতে এনে বেদনাদায়ক পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগে, তাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিব।
আনন্দীবাইৰ এই সিদ্ধান্তক লৈ পৰিয়াল আৰু সমাজৰ বহুতে তীব্ৰ সমালোচনা কৰিছিল। কিন্তু তেওঁৰ স্বামী গোপালৰাও যোশীয়ে সদায় তেওঁৰ কাষত থিয় দিছিল। চিকিৎসা শিক্ষা সম্পূৰ্ণ কৰিবলৈ আনন্দীবাইক নিজৰ গহনাও বিক্ৰী কৰিবলগীয়া হৈছিল। সকলো বাধা-বিঘিনি অতিক্ৰম কৰি তেওঁ কেতিয়াও পঢ়া-শুনা এৰি নিদিলে। আনন্দীবাইয়ে ভাৰতত নহয়, আমেৰিকাৰ পেনচিলভেনিয়াৰ উইমেনছ মেডিকেল কলেজৰ পৰা চিকিৎসা শিক্ষা গ্ৰহণ কৰিছিল। মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ ডক্টৰ অৱ মেডিচি ডিগ্ৰী লাভ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে।
শিক্ষা সমাপ্ত কৰি ভাৰতলৈ উভতি আহি তেওঁ ক’লহাপুৰ ৰাজ্যৰ আলবাৰ্ট এডৱাৰ্ড হাস্পতালৰ মহিলা বিভাগৰ প্ৰভাৰী চিকিৎসক হিচাপে দায়িত্ব পালন কৰে। সীমাহীন বাধা-বিঘিনি আৰু সামাজিক কুসংস্কাৰৰ মাজতো আনন্দীবাই যোশীয়ে ভাৰতীয় মহিলাসকলৰ বাবে শিক্ষাৰ আৰু চিকিৎসা ক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিছিল। আজিও তেওঁৰ জীৱন সংগ্ৰাম আৰু সফলতা লাখ লাখ মহিলাৰ বাবে এক অনন্য প্ৰেৰণাৰ উৎস।