মাত্ৰ পাঁচটা অভ্যাসে আপোনাৰ সকলো সমস্যা সমাধান কৰিব পাৰে

মাত্ৰ পাঁচটা অভ্যাসে আপোনাৰ সকলো সমস্যা সমাধান কৰিব পাৰে
গঢ়ি তোলক এই পাঁচটা অভ্যাস৷
এই অভ্যাস গঢ়িলে আপোনাৰ শৰীৰ হৈ থাকিব সুস্থ৷
এই প্ৰতিবেদনযোগে জনাম কি কি অভ্যাস গঢ়িলে আপুনি সুস্থ হৈ থাকিব আমি আমাৰ ব্যক্তিগত জীৱনৰ লগতে নতুন বছৰত নিজৰ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়া দৰকাৰ ।নতুন বছৰে কঢ়িয়াই আনে নতুন আৰম্ভণিৰ বাৰ্তা, আৰু এইটোৱেই হৈছে নিজকে উন্নত কৰাৰ উপযুক্ত সময় । অৱশ্যে, আমি কেৱল ব্যক্তিগত জীৱন বা কেৰিয়াৰৰ কথা ভাবিলেই নহয়, আমি আমাৰ শৰীৰৰ ওপৰতো গুৰুত্ব দিব লাগিব ৷ গতিকে আমি সকলোৱে এক সংকল্প ল’ব লাগে যে শৰীৰটো যাতে সুস্থ কৰি ৰাখিব পাৰো তাৰ বাবে গুৰুত্ব দিব লাগে ৷
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমি কিছুমান অভ্যাস গঢ়ি তুলিব লাগে ৷ কম বয়সত শৰীৰত বেছি ৰোগে দেখা নিদিলেও বয়স হোৱাৰ লগে লগে বিভিন্ন ৰোগে দেখা দিয়ে ৷ গতিকে এনে ৰোগসমূহৰ পৰা আঁতৰত থাকিবৰ বাবে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰো ।
কুহুমীয়া পানী আৰু নেমু
স্বাস্থ্যবান হৈ থাকিব বিচাৰিলে প্ৰতিদিনে পুৱা পানী খোৱা আৱশ্যক ৷ প্ৰতিদিনে পুৱা খালী পেটত কুহুমীয়া পানীত নেমু ৰস মিহলি কৰি খোৱা ভাল ৷ ই পাচন তন্ত্ৰ শক্তিশালী কৰে ৷ ইয়াৰোপৰি ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰাৰ লগতে ওজন হ্ৰাসত সহায় কৰে ৷
ঘৰত প্ৰস্তুত কৰা খাদ্য
বাহিৰৰ খাদ্য স্বাস্থ্যৰ বাবে ভাল নহয় ৷ কিন্তু তাৰ পাছতো বহুতে বাহিৰত খাদ্য খায় ৷ গতিকে নতুন বছৰত এয়া পন ল’ব পাৰে যে আহিবলগীয়া বছৰটোত হোটেল, ৰেষ্টুৰেন্ট আদিৰ খাদ্য কমকৈ খাব ৷ বাহিৰৰ জাংক ফুড, ফ্ৰাই কৰা আদি বস্তু শৰীৰৰ বাবে বেয়া ৷ তাৰ বিপৰীতে ঘৰত তৈয়াৰ কৰা খাদ্য খাব লাগে ৷ ঘৰত পুষ্টিকৰ খাদ্য় প্ৰস্তুত কৰা হয় ৷ যি শৰীৰত পুষ্টিকৰ উপাদান যোগান ধৰে ।
সেউজীয়া শাক-পাচলি
বহুতে সেউজীয়া শাক-পাচলি বা ফল-মূল খাব নিবিচাৰে ৷ কিন্তু সেউজীয়া শাক-পাচলি আৰু ফল-মূল স্বাস্থ্যৰ বাবে ভাল ৷ গতিকে প্ৰতিদিনে সেউজীয়া শাক-পাচলি বা ১-২ টা ফল খাব লাগে ৷ ই ভিটামিন, মিনাৰেল , ফাইবাৰ আজিৰ যোগান ধৰে যিয়ে আপোনাৰ শৰীৰ শক্তিশালী কৰি ৰাখে ৷
প্ৰ’টিন আৰু ফাইবাৰ
আমাৰ শৰীৰৰ বাবে প্ৰ’টিন আৰু ফাইবাৰ গুৰুত্বপূৰ্ণ ৷ গতিকে খাদ্যত দালি, কণী, দৈ, বাদাম আৰু গোটা শস্য অন্তৰ্ভুক্ত কৰি প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু ফাইবাৰ খাব লাগে ৷ প্ৰটিনে পেশী শক্তিশালী কৰে আৰু ফাইবাৰে হজম শক্তি উন্নত কৰে ৷
চেনি আৰু নিমখ কমকৈ খাব লাগে
বেছিকৈ মিঠা খোৱা বা বেছি নিমখ খোৱা, দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ গতিকে পাৰিলে মিঠা বস্তু আৰু অতিৰিক্ত নিমখ থকা বস্তুৰ পৰা আঁতৰি থাকিব ৷ ই ওজন নিয়ন্ত্ৰণ কৰে, ৰক্তচাপ সুস্থিৰ কৰি ৰাখে আৰু লগতে ডায়েবেটিছৰ সম্ভাৱনাও হ্ৰাস কৰে ৷
