কৰ দিব নলগা এখন ৰাজ্য

এই কৰ ৰেহাই কোনো নতুন চৰকাৰী আঁচনি নহয়।আপুনি জানেনে, ভাৰতত এনে এখন ৰাজ্য আছে, য’ত অধিকাংশ বাসিন্দাই কৰ দিব নালাগে? সেই ৰাজ্যখন হৈছে ছিকিম। বিশেষ সাংবিধানিক ব্যৱস্থা আৰু কৰ আইন, ১৯৬১-ৰ ধাৰা 10(26AAA)অনুসৰি ছিকিমৰ যোগ্য স্থানীয় বাসিন্দাসকলক কৰৰ পৰা বিশেষ ৰেহাই দিয়া হৈছে।

পিছে জানেনে কিয় দিয়া হৈছে এই বিশেষ ৰেহাই? দৰাচলতে ছিকিম পূৰ্বতে ভাৰতৰ অংশ নাছিল। ই এখন স্বতন্ত্ৰ ৰাজতন্ত্ৰ আছিল। ১৯৭৫ চনত গণভোটৰ পিছত ছিকিম ভাৰতৰ ২২ সংখ্যক ৰাজ্য হিচাপে অন্তৰ্ভুক্ত হয়।

ভাৰতৰ সৈতে একত্ৰীকৰণৰ সময়ত ছিকিমবাসীৰ অধিকাৰ আৰু তেতিয়াৰ প্ৰচলিত আইনসমূহ সুৰক্ষিত ৰাখিবলৈ ভাৰতীয় সংবিধানত অনুচ্ছেদ 371F সংযোজন কৰা হয়। এই বিশেষ সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে ছিকিমক কিছু বিশেষ আইনী আৰু প্ৰশাসনিক অধিকাৰ প্ৰদান কৰা হয়, যাতে ৰাজ্যখনৰ পুৰণি ব্যৱস্থা আৰু স্থানীয় বাসিন্দাসকলৰ স্বাৰ্থ অক্ষুণ্ণ থাকে।

আহক জানো কোন সকলে লাভ কৰে এই সুবিধা?

উল্লেখ্য় যে কৰ আইন, ১৯৬১-ত ধাৰা 10(26AAA) সংযোজন কৰা হৈছিল। এই ধাৰাৰ অধীনত আইন অনুসৰি “Sikkimese” হিচাপে স্বীকৃত ব্যক্তিসকলে দিব নালাগে কৰ।

এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে, ভাৰতৰ সৈতে একত্ৰীকৰণৰ পূৰ্বৰে পৰা ছিকিমৰ মূল বাসিন্দা হিচাপে স্বীকৃত লোকসকলৰ বিশেষ অধিকাৰ অক্ষুণ্ণ ৰখা।

অৱশ্যে, ছিকিমত বসবাস কৰা প্ৰতিজন ব্যক্তিয়ে এই কৰ ৰেহাই লাভ নকৰে। এই সুবিধা কেৱল আইন অনুসৰি “Sikkimese” হিচাপে স্বীকৃত ব্যক্তিসকলেহে লাভ কৰে। যদি কোনো ব্যক্তি ভাৰতৰ আন ৰাজ্যৰ পৰা ছিকিমলৈ গৈ স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু আইন অনুসৰি “Sikkimese” হিচাপে স্বীকৃতি নাপায়, তেন্তে তেওঁৰ ক্ষেত্ৰত সাধাৰণ কৰৰ নিয়ম প্ৰযোজ্য হ’ব। এনে ব্যক্তিয়ে আন কৰদাতাৰ দৰে কৰ দিব লাগিব আৰু প্ৰয়োজন অনুসৰি ITR-ও দাখিল কৰিব লাগিব। এই কৰ ৰেহাই কোনো নতুন চৰকাৰী আঁচনি বা শেহতীয়াকৈ ঘোষণা কৰা কৰ সুবিধা নহয়। ই ১৯৭৫ চনত ছিকিমৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ সময়ত কৰা সাংবিধানিক আৰু আইনী চুক্তিৰ অংশ। সেইবাবেই আজিও ছিকিম ভাৰতৰ একমাত্ৰ ৰাজ্য হিচাপে পৰিচিত, য’ত যোগ্য স্থানীয় বাসিন্দাসকলে বিশেষ আইনী ব্যৱস্থাৰ অধীনত কৰৰ পৰা ৰেহাই লাভ কৰে।

Leave A Reply

Your email address will not be published.