জাতিংগা এক বাকৰুদ্ধকৰ পাৰিৱেশিক পৰ্যটন কেন্দ্র

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ আমাৰ অসম। কিন্তু এই অসমতেই এনে এক ঠাই আছে, যি ঠাইক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমীৰ অন্তহীন কৌতুহল। প্ৰতিবছৰে মৌচুমীৰ শেষৰ পফালে, বিশেষকৈ শৰৎ কালৰ অমাৱস্যাৰ কুঁৱলীৰে আৱৃত ৰাতিবোৰত ইয়ালৈ উৰি আহে শ শ চৰাই আৰু এক অজান কাৰণত আক্ৰান্ত হয় দিশভ্ৰষ্টতাত।কিন্তু কিয় চৰাইবোৰে ইয়াত আত্মহত্যা কৰে?
নে ইয়াৰ আঁৰত আছে বিজ্ঞানৰ আন কিবা গোপন সাথৰ?
ঠাইখন হৈছে ডিমা হাছাও জিলাৰ সৰু পাহাৰীয়া গাঁও — জাতিংগা।গুৱাহাটীৰ পৰা প্ৰায় ৩৩০ কিলোমিটাৰ দূৰত্বত, ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰৰ নিচিনাকৈ কাষতেই অৱস্থিত জাইন্তিয়া আৰু ডিমাছা সম্প্ৰদায়ৰ লোকবসতিপূৰ্ণ এই জাতিংগা গাঁও। বাহিৰৰ পৰা চালে সেউজীয়া উপত্যকাৰে আগুৰা এই গাঁওখন এক স্বৰ্গীয় ভূমিসদৃশ।জাতিংগাৰ এটা নিৰ্দিষ্ট ১.৫ কিলোমিটাৰ দীঘল খাঁজত উত্তৰৰ পৰা দক্ষিণলৈ বোৱা তীব্ৰ বতাহ আৰু ঘন কুঁৱলীয়ে চৰাইবোৰৰ দৃষ্টিশক্তি ব্যাহত কৰে।দিশভ্ৰষ্ট হৈ চৰাইবোৰে মাটিৰ কৃত্ৰিম পোহৰকে নিৰাপদ স্থান বুলি ভাবি তীব্ৰ গতিৰে তললৈ নামি আহে।ধাৰাল গছ-গছনি, বাঁহৰ খুঁটা বা ঘৰত খুন্দা খাই চৰাইবোৰ আহত হয় আৰু মাটিত পৰে।কোনোবাই যদি ইয়াক অলৌকিক ৰহস্য বুলি ক’ব খোজে, তেন্তে বিজ্ঞানৰ বাবে ই হ’ল।এক বিৰল পৰিৱেশীয় পৰিঘটনা।কিন্তু আটাইতকৈ সুখৰ বিষয়টো হৈছে — যি জাতিংগাত এসময়ত হাজাৰ হাজাৰ নিৰপৰাধ চৰাইক পোহৰৰ ফান্দত পেলাই হত্যা কৰা হৈছিল, সেই জাতিংগাই এতিয়া নতুন সপোন দেখা আৰম্ভ কৰিছে।”
অসম বন বিভাগ আৰু বিভিন্ন বন্যপ্ৰাণী সুৰক্ষা সংস্থাৰ ধাৰাবাহিক সজাগতা অভিযানৰ ফলত জাতিংগাৰ স্থানীয় ৰাইজৰ মনোভাৱত আহিছে ব্যাপক পৰিৱৰ্তন। এতিয়া গাঁৱৰ লোকে নিশা তেনেকৈ চোকা পোহৰ জ্বলাই চৰাই আকৰ্ষণ কৰাৰ পৰা বিৰত থাকে আৰু আহত চৰাইক উদ্ধাৰ কৰি শুশ্ৰূষা কৰে।
জাতিংগাক এতিয়া ৰহস্যময়ী চৰাইৰ ‘কৰুণ মৃত্যুৰ স্থান’ হিচাপে নহয়, বৰঞ্চ এক বাকৰুদ্ধকৰ পাৰিৱেশিক পৰ্যটন কেন্দ্র (Eco-tourism hub) হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে।