আপোনালোকে বাৰু জানেনে এইবিধ উপাদানৰ ঔষধি গুণ

আদা, সোৱাদৰ লগতে স্বাস্থ্যৰো সহায়ক।ৰন্ধনশালাৰ এক অতি পৰিচিত উপাদান হৈছে- আদা। কিন্তু কেৱল খাদ্যৰ সোৱাদ বা সুগন্ধ বৃদ্ধি কৰাই নহয়, বহু স্বাস্থ্যগুণেৰে ভৰপূৰ এই আদা বহু যুগ ধৰি আয়ুৰ্বেদ আৰু বনৌষধত ব্যৱহাৰ হৈ আহিছে। কাহ-চৰ্দি, ডিঙিৰ বিষ, বমিভাৱ বা হজমজনিত সমস্যাৰ ক্ষেত্ৰত আদাৰ ব্যৱহাৰ আজিও সমানে জনপ্ৰিয়। আদাত থকা জিঞ্জেৰল (Gingerol) নামৰ সক্ৰিয় যৌগবিধে ইয়াক প্ৰদাহনাশক আৰু শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ কৰি তোলে।

চৰ্দি-কাহ বা ডিঙিৰ বিষ হ’লে গৰম চাহত বা মৌ ৰসৰ সৈতে আদা মিহলাই খোৱাৰ অভ্যাস বহু পুৰণি। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, আদাই ডিঙিৰ অস্বস্তি কিছু পৰিমাণে কমোৱাত আৰু কাহৰ উপসৰ্গ সাময়িকভাৱে কমোৱাত সহায় কৰিব পাৰে। কেৱল সেয়াই নহয়, যাত্ৰাৰ সময়ত হোৱা বমিভাৱ বা গৰ্ভাৱস্থাৰ আৰম্ভণিতে দেখা দিয়া বমি বমি ভাব হ্ৰাস কৰাতো আদা ফলপ্ৰসূ হ’ব পাৰে।

বহু গৱেষণাত উল্লেখ কৰা হৈছে যে সীমিত পৰিমাণে আদা সেৱনে হজম শক্তি উন্নত কৰাত সহায় কৰে লগতে, পেট ফুলি থকা, অজীৰ্ণ বা গেছৰ দৰে সমস্যাতো ই কিছু সকাহ দিব পাৰে। অৱশ্যে, অতিমাত্ৰা আদা খালে বুকুজ্বলা, পেটৰ অস্বস্তি বা কিছুমান পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা দিব পাৰে। সেয়েহে, বিশেষকৈ যিসকলে নিয়মিত ঔষধ সেৱন কৰে বা বিশেষ শাৰীৰিক অৱস্থাত আছে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি আদা সেৱন কৰাটোৱেই অধিক নিৰাপদ।

Leave A Reply

Your email address will not be published.