অৰুণাচল প্ৰদেশৰ ঘন অৰণ্যৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটালৈ

পদ্মশ্ৰী বঁটা প্ৰাপক য়ানুং জামোহ লেগোৰ থলুৱা চিকিৎসা পদ্ধতি।পৰম্পৰাগত বনৌষধিৰে চিকিৎসা কৰি হাজাৰ হাজাৰ লোকক আৰোগ্য।অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ বাসিন্দা য়ানুং জামোহ লেগো নামৰ মহিলাগৰাকীয়ে আদি জনজাতিৰ পৰম্পৰাগত বনৌষধি জ্ঞান সংৰক্ষণক জীৱনৰ লক্ষ্য হিচাপে গ্ৰহণ কৰি এতিয়া হাজাৰ হাজাৰ লোকক চিকিৎসা সেৱা আগবঢ়াই আহিছে। তেওঁ নিজৰ আইতাকৰ পৰা এই চিকিৎসা বিদ্যা আহৰণ কৰি সেই বিদ্যাক তেওঁ সেৱাৰ ৰূপ দিছে।তিনি দশকৰো অধিক সময় ধৰি য়ানুং জামোহ লেগোৱে বিভিন্ন জটিল আৰু দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত লোকসকলক পৰম্পৰাগত বনৌষধিৰে চিকিৎসা আগবঢ়াই আহিছে। তেওঁৰ এই অৱদানৰ বাবেই তেওঁ “আদি কুইন অৱ হাৰ্বছ” নামেৰে পৰিচিতি লাভ কৰাৰ লগতে দেশজুৰি বিশেষ সন্মানো লাভ কৰিছে।

থলুৱা চিকিৎসা পদ্ধতি আৰু জনজাতীয় পৰম্পৰাগত জ্ঞান সংৰক্ষণত অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২৪ চনত য়ানুং জামোহ লেগোক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। বৰ্তমানো দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ৰোগী পাছিঘাটস্থিত তেওঁৰ চিকিৎসালয়লৈ বনৌষধি চিকিৎসাৰ বাবে আহি আছে।

য়ানুং জামোহ লেগোৰ এই যাত্ৰাই পুনৰ এবাৰ প্ৰমাণ কৰিছে যে, আমাৰ থলুৱা জ্ঞান, পৰম্পৰা আৰু বনৌষধি চিকিৎসা পদ্ধতিয়ে আজিও ভাৰতৰ সাংস্কৃতিক আৰু চিকিৎসা ঐতিহ্যক সমৃদ্ধ কৰি ৰাখিছে।

Leave A Reply

Your email address will not be published.