পিতৃৰ আৱেগিক সমৰ্থন আৰু বিশ্বাসৰ প্ৰতিদান পুত্ৰৰ

এবছৰৰ দৰমহা জমা কৰি নিজ সন্তানক আমেৰিকালৈ পঠাইছিল পিতৃয়ে।

পিতৃয়ে পুত্ৰক লৈ দেখিছিল নানা ৰঙী সপোন।

পিতৃৰ সপোনক বাস্তৱত ৰূপায়িত কৰা কোন এইজন সফল পুত্ৰ।

এইজনেই হৈছে ভাৰতীয় মূলৰ প্ৰখ্যাত ব্যৱসায়ী তথা গুগলৰ মুখ্য কাৰ্য্যবাহী বিষয়া সুন্দৰ পিচাই।
বহি দেশত অধ্যয়ন কৰাটো বহুতৰে বাবে সপোন। বহু অভিভাৱকৰ বাবে শিক্ষাৰ বাবে ধন আগবঢ়োৱাটো তেওঁলোকৰ অন্যতম ডাঙৰ সিদ্ধান্ত।

সুন্দৰ পিচাইৰ সফলতাৰ আঁৰৰ কাহিনী আপুনি জানেনে ?

সুন্দৰ পিচাই হৈছে এগৰাকী ভাৰতীয় মূলৰ প্ৰখ্যাত ব্যৱসায়ী তথা বৰ্তমানৰ গুগল আৰু ইয়াৰ মূল কোম্পানী Alphabet Inc মুখ্য কাৰ্য্যবাহী বিষয়া ।আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আৰু ৱাৰ্টন স্কুলৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি বৰ্তমান হৈ পৰিল সকলোৰে পৰিচিত।

পিচাইৰ সফলতাৰ আঁৰত আছে পিতৃৰ ত্যাগ আৰু কষ্ট এবছৰৰ দৰমহাৰ সমতুল্য খৰচ কৰি পিতৃয়ে পিচাইক পঠাইছিল উচ্চ শিক্ষা গ্ৰহণৰ বাবে । পঢ়াৰ বাবে আমেৰিকালৈ পঠিয়াবলৈ পিতৃ-মাতৃয়ে কৰা বিশাল ত্যাগৰ কথা সদায় চিন্তা কৰিছিল পিচাইয়ে।আমেৰিকালৈ যোৱা বিমানৰ টিকটত এবছৰৰ দৰমহাৰ সমতুল্য খৰচ কৰিছিল যাতে ষ্টেনফৰ্ডত পুত্ৰই পঢ়িব পাৰে। প্ৰথমবাৰৰ বাবে বিমানত উঠিছিল পিচাই । আমেৰিকাত সংগ্ৰামৰ অন্ত নাছিল পিচাইৰ। কিন্তু সকলো দুখ ,কষ্ট আওকাণ কৰি লক্ষ্য স্থিৰ কৰিছিল আৰু কৰি গৈছিল সংগ্ৰাম কষ্ট আৰু ত্যাগৰ বলত হব পাৰিলে এজন সফল ব্যক্তি।

পিচাইৰ এই সৎ বক্তব্যই এই দেশৰ বহু অভিভাৱকৰ মাজত অনুৰণন ঘটায় আৰু সকলোৱে সাহস পায়।

Leave A Reply

Your email address will not be published.