উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক জয় কৰা ৰুৱাল আমুন্সেনৰ কাহিনী

কোন এই ৰুৱাল আমুন্সেন ?

দৰ্শকসকল আজি আপনালোক বাবে লৈ আহিছো ৰুৱাল আমুন্সেনৰ কাহিনী । পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ উভয় মেৰুত সৰ্বপ্ৰথমে উপস্থিত হোৱা বিশ্বৰ প্ৰথমজন অভিযাত্ৰী আছিল ৰুৱাল আমুন্সেন l পৃথিৱীৰ দুয়োটা মেৰু, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, বছৰ বছৰ ধৰি মানুহৰ বাবে ই এক ৰহস্য হৈ আছিল। কিন্তু নৰৱেৰ এজন দুৰ্দান্ত সাহসী অভিযাত্ৰীয়ে এই বৰফাবৃত দুয়োটা সীমান্ত জয় কৰি ইতিহাস ৰচনা কৰিছিল। তেওঁৰে নাম আছিল ৰ’আল্ড আমুণ্ডছেন। ৰুৱাল আমুন্সেনৰ জন্ম হৈছিল ১৬ জুলাই ১৮৭২ চনত । অনুসন্ধান আৰু অভিযানৰ ইতিহাসত আজিও তেওঁৰ নাম অতি সন্মানৰে স্মৰণ কৰা হয়। আহক, জানো কেনেকৈ তেওঁ নিজৰ অসীম সাহসেৰে সমগ্ৰ বিশ্বক বিস্মিত কৰিছিল।

১৮৭২ চনৰ ১৬ জুলাইত নৰৱেৰ এখন জাহাজ চলোৱা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰ’আল্ড আমুণ্ডছেনে। সৰুৰে পৰাই সাগৰ আৰু অভিযানৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল। বিশেষকৈ ব্ৰিটিছ অভিযাত্ৰী জন ফ্ৰেংকলিনৰ দুঃসাহসিক অভিযানৰ কাহিনীয়ে তেওঁক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।

অৱশ্যে তেওঁৰ মাতৃৰ ইচ্ছা আছিল, পুতেকে অ’ছলো বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান পঢ়ি চিকিৎসক হওক। মাতৃৰ ইচ্ছাক সন্মান জনাই তেওঁ চিকিৎসা শিক্ষা আৰম্ভ কৰিছিল যদিও ১৮৯৩ চনত মাতৃৰ মৃত্যুৰ পিছত তেওঁ সেই অধ্যয়ন আধাতে এৰি দিয়ে। তাৰ পিছত তেওঁ সম্পূৰ্ণৰূপে সাগৰকেই জীৱনৰ পথ হিচাপে বাছি লয়। বাণিজ্যিক জাহাজত কাম কৰাৰ জৰিয়তে তেওঁ বৰফাবৃত সাগৰীয় পথসমূহত চলাচলৰ মূল্যৱান বাস্তৱ অভিজ্ঞতা আহৰণ কৰে।

১৯০৩ চনত ৰ’আল্ড আমুণ্ডছেনৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হয়। তেওঁ ‘গ্য’আ’ নামৰ সৰু জাহাজ এখনত ছয়জন সহযোগীক লগত লৈ অভিযানলৈ ৰাওনা হয়। উল্লেখ্য় যে অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ বাবে এই অভিযান সম্পূৰ্ণ হ’বলৈ প্ৰায় তিনি বছৰ সময় লাগে ৰ’আল্ড আমুণ্ডছেনক । অৱশেষত ১৯০৬ চনত তেওঁ ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ উত্তৰ-পশ্চিম সামুদ্ৰিক পথ অতিক্ৰম কৰিবলৈ সক্ষম হয়।

উত্তৰ-পশ্চিম পথ সফলতাৰে অতিক্ৰম কৰাৰ পিছত আমুণ্ডছেনে দক্ষিণ মেৰুক লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰে আৰু ১৯১০ চনত তেওঁ অণ্টাৰ্কটিকালৈ অভিযান আৰম্ভ কৰে। এই অভিযানৰ প্ৰতিটো পদক্ষেপ আছিল সুপৰিকল্পিত। যাত্ৰাপথত আগতীয়াকৈ খাদ্য আৰু ইন্ধনৰ ভঁৰাল স্থাপন কৰা হৈছিল। বৰফৰ ওপৰত দ্ৰুতগতিত চলাচলৰ বাবে অভিযানত স্লেজ টনা কুকুৰকো অন্তৰ্ভুক্ত কৰা হৈছিল। দীঘলীয়া আৰু অতি কষ্টসাধ্য যাত্ৰাৰ অন্তত ১৯১১ চনৰ ১৪ ডিচেম্বৰত আমুণ্ডছেনে তেওঁৰ চাৰিজন সহযোগীৰ সৈতে দক্ষিণ মেৰুত উপস্থিত হয়। পৃথিৱীৰ ইতিহাসত দক্ষিণ মেৰুত সৰ্বপ্ৰথমে উপস্থিত হোৱা ব্যক্তি হিচাপে তেওঁ নিজৰ নাম লিপিবদ্ধ কৰে।আটাইতকৈ উল্লেখযোগ্য কথা যে, নিখুঁত পৰিকল্পনা আৰু কঠোৰ শৃংখলাৰ বাবে তেওঁৰ সমগ্ৰ দলটো নিৰাপদে ঘূৰি আহিবলৈও সক্ষম হৈছিল।

দক্ষিণ মেৰু জয় কৰাৰ পিছতো আমুণ্ডছেন থমকি ৰোৱা নাছিল। ১৯২৬ চনত তেওঁ ‘নৰ্গে’ নামৰ এয়াৰশ্বিপত আৰোহন কৰি উত্তৰ মেৰুৰ ওপৰেৰে সফল অভিযান সম্পন্ন কৰে। এই অভিযানক উত্তৰ মেৰুৰ ওপৰেৰে সম্পন্ন হোৱা প্ৰথম প্ৰমাণিত উৰণ হিচাপে স্বীকৃতি দিয়া হয়।

ইয়াৰ জৰিয়তে ৰ’আল্ড আমুণ্ডছেন পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ—উভয় ভৌগোলিক মেৰুত উপস্থিত হোৱা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ অভিযাত্ৰী হিচাপে ইতিহাসত অমৰ হৈ ৰয়।

১৯২৮ চনৰ ১৮ জুনত ৰুৱাল আমুন্সেনৰ জীৱনৰ অন্ত পৰে। কিন্তু মেৰু অভিযানৰ ক্ষেত্ৰত তেওঁ গঢ়ি থৈ যোৱা নতুন ধাৰণাবোৰ আজিও বিশ্বজুৰি অনুসৰণ কৰা হয়।

স্কিৰ ব্যৱহাৰ, স্লেজ কুকুৰৰ সহায়ত অভিযান পৰিচালনা আৰু বৈজ্ঞানিকভাৱে অভিযানৰ পূৰ্বপৰিকল্পনা প্ৰস্তুত কৰা—এই সকলোবোৰ পদ্ধতি তেওঁ জনপ্ৰিয় কৰি তুলিছিল। আধুনিক মেৰু অভিযানসমূহতো এই কৌশলসমূহ আজিও ব্যৱহাৰ কৰা হয়।

তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰ’আল্ড আমুণ্ডছেনে বহু সন্মান লাভ কৰিছিল। ইয়াৰে ভিতৰত উল্লেখযোগ্য—

১৯০৭ চনত আমেৰিকাৰ নেচনেল জিঅ’গ্ৰাফিক ছ’চাইটিয়ে তেওঁক হাবাৰ্ড মেডেল প্ৰদান কৰা হৈছিল।
১৯১২ চনত ব্ৰিটেইনৰ ৰয়েল জিঅ’গ্ৰাফিকেল ছ’চাইটিয়ে তেওঁক ফাউণ্ডাৰ্ছ গোল্ড মেডেল প্ৰদান কৰি সন্মানিত কৰা হৈছিল।

আজিও মেৰু অভিযান আৰু অনুসন্ধানৰ ইতিহাসত ৰ’আল্ড আমুণ্ডছেনৰ নাম সাহস, অধ্যৱসায় আৰু সুপৰিকল্পিত নেতৃত্বৰ এক অনন্য প্ৰতীক হিচাপে স্মৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.