অন্ধ্ৰৰ চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা চন্দ্ৰ অভিযানলৈ

কন্দুলা জেছীৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা।অন্ধ্ৰপ্ৰদেশৰ ডৌলেশ্বৰমৰ এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনৰ এগৰাকী বিজ্ঞান শিক্ষয়িত্ৰীয়ে নিজৰ এগৰাকী ছাত্ৰীৰ মাজত এক অসাধাৰণ সম্ভাৱনা লক্ষ্য কৰিছিল। বিজ্ঞানৰ প্ৰতি গভীৰ আগ্ৰহ, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমে সেই ১৪ বছৰীয়া ছাত্ৰী কন্দুলা জেছীক এতিয়া ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ দুৱাৰমুখলৈ লৈ গৈছে।
ডৌলেশ্বৰমৰ জিলা পৰিষদ গাৰ্লছ হাইস্কুল (ZPGHS)-ৰ দশম শ্ৰেণীৰ ছাত্ৰী জেছী বিশ্বৰ প্ৰথম সৰ্ব-মহিলা চন্দ্ৰ CubeSat অভিযান ‘মিছন শক্তিসেট’ (Mission ShakthiSAT)-ৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা মাত্ৰ ২০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত অন্যতম। উল্লেখযোগ্য যে, অন্ধ্ৰপ্ৰদেশৰ পৰা একমাত্ৰ শিক্ষাৰ্থী হিচাপে তেওঁ এই সাফল্য অৰ্জন কৰিছে। এই অভিযানৰ বাবে ১০৮খন দেশৰ প্ৰায় ১২ হাজাৰ আবেদনকাৰীৰ মাজৰ পৰা তেওঁক বাছনি কৰা হৈছে।
জেছীৰ যাত্ৰাৰ আৰম্ভণি হৈছিল বিদ্যালয়খনৰ অটল টিংকাৰিং লেব (Atal Tinkering Lab)-ত। তাতেই বিজ্ঞানৰ শিক্ষয়িত্ৰী মনিমালাই জেছীৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ, কৌতূহল আৰু নতুন কিবা শিকাৰ উৎসাহ লক্ষ্য কৰিছিল।
ছাত্ৰীগৰাকীৰ প্ৰতিভা উপলব্ধি কৰি মনিমালাই তেওঁক যোৱা বছৰত মিছন শক্তিসেটৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰে।
জেছীয়ে কেৱল নিজেই আবেদন কৰাই নহয়, নিজৰ আন আঠগৰাকী সহপাঠীকো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। কিন্তু তেওঁলোকে পঞ্জীয়ন কৰাৰ সময়লৈকে অনলাইন পাঠ আৰম্ভ হৈ গৈছিল। ছাত্ৰীসকলৰ সুযোগ নষ্ট নহঁওক বুলি মনিমালাই কাৰ্যসূচীৰ সমন্বয়কৰ সৈতে যোগাযোগ কৰি পুনৰ সুযোগ লাভ কৰে আৰু জেছীয়ে পুনৰ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব পাৰে।
অংশগ্ৰহণকাৰীসকলে ২১টা বিশেষায়িত মডিউলত বিভক্ত প্ৰায় ৫৫০টা অনলাইন শিক্ষণ অধিবেশন সম্পূৰ্ণ কৰিবলগীয়া হৈছিল। এই পাঠ্যক্ৰমত উপগ্ৰহ প্ৰযুক্তি, প্ৰপালচন, তাপগতিবিদ্যা আৰু মহাকাশ বিজ্ঞানৰ দৰে জটিল বিষয় অন্তৰ্ভুক্ত আছিল।
ইয়াৰ উপৰিও, বিজ্ঞানী আৰু কাৰ্যসূচীৰ সমন্বয়কৰ সন্মুখত এঘণ্টীয়া সাক্ষাৎকাৰ দিবলগীয়া হৈছিল। লগতে STEM (Science, Technology, Engineering and Mathematics)-ৰ গুৰুত্ব ব্যাখ্যা কৰি এটা এক মিনিটৰ ভিডিঅ জমা দিবলগীয়া হৈছিল।
দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতিৰ মাজতে এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো জেছীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। বিদ্যালয় শেষ হোৱাৰ পিছত প্ৰতিদিনে তেওঁ অনলাইন ক্লাছ কৰিছিল আৰু প্ৰায় ৫০-৬০ শতাংশ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।
আৰম্ভণিতে বহু বৈজ্ঞানিক ধাৰণা তেওঁৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বহু ওপৰৰ আছিল। তথাপিও তেওঁ হাৰ নামানি একাগ্ৰতাৰে অধ্যয়ন অব্যাহত ৰাখিছিল।
ইংৰাজী ভাষাত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সৈতে হোৱা সাক্ষাৎকাৰো তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। শিক্ষকৰ সহায় আৰু শিক্ষামূলক ভিডিঅ’ চাই তেওঁ নিজৰ যোগাযোগ দক্ষতা উন্নত কৰে।
জেছীৰ এই সাফল্য তেওঁৰ পৰিয়ালৰ আৰ্থিক সংগ্ৰামৰ বাবে আৰু অধিক তাৎপৰ্যপূৰ্ণ।
তেওঁৰ পিতৃ এজন কাঠমিস্ত্ৰী। আৰ্থিক সমস্যাৰ বাবে অভিভাৱকে তেওঁক ব্যক্তিগত বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। কিন্তু যিটো প্ৰথমে এক বাধা যেন লাগিছিল, সেয়াই পিছত তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট হৈ পৰে।
চৰকাৰী বিদ্যালয়ৰ অটল টিংকাৰিং লেবতেই তেওঁৰ বিজ্ঞানৰ প্ৰতি থকা প্ৰতিভা চিনাক্ত আৰু বিকশিত কৰা হৈছিল।
২৩ আগষ্টত তেওঁ নতুন দিল্লীলৈ যাত্ৰা কৰিব। তাত তেওঁ মিছন শক্তিসেটৰ পৰৱৰ্তী পৰ্যায়ত অংশগ্ৰহণ কৰিব, য’ত হাতে-কলমে প্ৰশিক্ষণ, ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন, উপগ্ৰহ ডিজাইন, পে’ল’ড উন্নয়ন আৰু মিছন অপাৰেচনৰ ওপৰত বিশেষ প্ৰশিক্ষণ দিয়া হ’ব।
শিক্ষাৰ্থীসকলৰ দ্বাৰা নিৰ্মিত এই চন্দ্ৰ CubeSat-টো ১১ অক্টোবৰ তাৰিখে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰাৰ প্ৰস্তাৱ আছে।
মিছন শক্তিসেট হৈছে Space Kidz India-ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° কেশনৰ নেতৃত্বত গঢ়ি উঠা এক বিশেষ পদক্ষেপ।
এই অভিযানৰ মূল লক্ষ্য হৈছে কন্যাসকলক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক বিদ্যা আৰু গণিত (STEM)-ৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰা। ইয়াৰ জৰিয়তে তেওঁলোকক উপগ্ৰহ প্ৰযুক্তি, মহাকাশ বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত হাতে-কলমে অভিজ্ঞতা প্ৰদান কৰা হয়।
কন্দুলা জেছীৰ বাবে এই অভিযান কেৱল এটা বৈজ্ঞানিক কাৰ্যসূচী নহয়; ই প্ৰমাণ কৰে যে প্ৰতিভা, অধ্যৱসায় আৰু এগৰাকী নিবেদিতপ্ৰাণ শিক্ষকৰ সঠিক দিশ-নিৰ্দেশে আৰ্থিক প্ৰতিকূলতাকো অতিক্ৰম কৰি সপোনক বাস্তৱত ৰূপ দিব পাৰে।
অন্ধ্ৰপ্ৰদেশৰ এখন সাধাৰণ চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা বিশ্বব্যাপী চন্দ্ৰ অভিযানলৈ জেছীৰ এই যাত্ৰাই পুনৰ এবাৰ প্ৰমাণ কৰিলে দৃঢ় সংকল্প আৰু পৰিশ্ৰমৰ আগত কোনো বাধাই ডাঙৰ নহয়।