আমেৰিকাৰ প্ৰশাসনিক নীতিক লৈ ক্ষুণ্ণ নাছা, গণ- পদত্যাগৰ সিদ্ধান্ত

বিশ্ববিখ্যাত মহাকাশ সংস্থা নাছা এতিয়া এক গভীৰ সংকটৰ সন্মুখীন হৈছে। আমেৰিকাৰ প্ৰশাসনৰ জৰিয়তে নতুনকৈ জাৰি হোৱা বাজেট কৰ্তন আৰু নীতিত ক্ষুণ্ণ হৈ স্বেচ্ছা পদত্যাগ আঁচনিৰ জৰিয়তে নাছাৰ প্ৰায় ৪০০০ কৰ্মচাৰী পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদত্যাগে মহাকাশ সংস্থাটোৰ বিজ্ঞান, অভিযান্ত্ৰিক আৰু মহাকাশ অভিযানৰ ভবিষ্যতত প্ৰশ্নৰ সৃষ্টি কৰিছে।

এই পদক্ষেপৰ মূল কাৰণ হৈছে অত্যধিক বাজেট কাটি দিয়া আৰু চৰকাৰৰ নতুন নীতিমালা, যাৰ ফলত নাছাই নিজৰ কৰ্মচাৰীক স্বেচ্ছাৰে পদত্যাগ কৰিবলৈ এক বিশেষ “Deferred Resignation Program” (DRP) আৰম্ভ কৰিছে। এই আচঁনিৰ অধীনত কৰ্মচাৰীয়ে পদত্যাগ কৰিলে নির্দিষ্ট সময়লৈকে দৰমহা আৰু লাভ অৰ্জন কৰিব। আমেৰিকাৰ চৰকাৰে ২০২৬ বৰ্ষৰ বাবে নাছাৰ বাজেট ২৫% হ্ৰাস কৰাৰ সিদ্ধান্ত হাতত লৈছে। এনে হ’লে নাছাৰ বাজেট ২৪ বিলিয়নৰ পৰা ১৮ বিলিয়ন ডলাৰলৈ হ্ৰাস পাব। এই আঁচনিত প্ৰথম পৰ্যায়তে ৮৭০ জন আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় ৩,০০০ জনে অংশগ্ৰহণ কৰিছে। বিশেষ উদ্বেগৰ বিষয় এই যে, পদত্যাগকাৰীৰ ভিতৰত ২,০০০ ৰো অধিক উচ্চ পদস্থ বিজ্ঞানী, অভিযান্ত্ৰিক আৰু মিছন পৰিচালক আছে, যিসকলে আৰ্টেমিচ, মাৰ্চ অভিযান, জলবায়ু গৱেষণা আদি প্ৰকল্পত নেতৃত্ব দিছিল। নাছাৰ মতে, এই পদত্যাগে নাছাৰ শতাধিক প্ৰকল্প বিপদত পেলাব পাৰে।

উল্লেখযোগ্য যে, এই পদত্যাগৰ ঢৌয়ে নাছাৰ মনোবল, লক্ষ্য আৰু অভিযানত গভীৰ প্ৰভাৱ পেলাব। আমেৰিকাত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ওপৰত দেশ-বিদেশৰ মহাকাশ গবেষণা গোটবোৰেও গভীৰ চিন্তা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.